আধৰুৱা প্ৰেম কাহিনী ( খণ্ড~০২)

©Admin
0
প্ৰিয় পাঠক " আধৰুৱা প্ৰেম কাহিনী " ৰ প্ৰথম খণ্ডত আপুনি পঢ়িবলৈ পাইছিলে –
সত্যম এখন শ্যামলীয় ৰঙেৰে ৰহণ সনা চাহ বাগিচালৈ প্ৰথমবাৰৰ বাবে যায় লাইনত পানী টেপত ছোৱালী এজনীক লগ পাই ৷ ছোৱালীজনীয়ে সত্যমক গন্তব্যস্থানলৈ লৈ যায় ৷ ৰাজু দাই অতিথিপৰায়ণ কৰে এতিয়া আগলৈ পঢ়ক –

ইতিমধ্যে সন্ধিয়া নামিছেহি ঘড়ীত সময় হৈছে পাঁচটা পোন্ধৰ এনেতে বাহিৰৰপৰা
তিৰোতাৰ ভাষ্য ভাহি আহিল " সোণ অ  সোণ এগিলাচ পানী দিয়া পিয়াহত ডিঙি
শুকাই গৈছে " মিঃ ৰাজুৱে পিতেকক ক’লে " সোণ যোৱা মাক পানী এগিলাচ দি থৈ আহা " দিবাকৰে কিতাপখন থৈ মাকলৈ পানী লৈ যায় , মাকক পানীগিলাচ দি মিচিকিয়া হাঁহি এটা মাৰি 
" মা আজি আমাৰ ঘৰলৈ কোন আহিছে কব পাৰিবানে ?" মাকে গিলাচৰ পানী শেষ কৰি " কি কোৱাহে সোণ দেখিছই দেখোন মই এইমাত্ৰ বাগানৰপৰা আহি পাইছোহি বাৰু এতিয়া তয়ে কৈ দে কোননো আহিছে য’ত তোৰ গাত আনন্দৰ মাদল বাজি আছে ? " মাকৰ উত্তৰত দিবাকৰে " নকওঁ গৈ গাপা ধুই আহা গম পাবাই নহয় এইবুলি কৈ সি দৌৰি দৌৰি ভিতৰ সোমাই যায় ৷ মাকে মনৰ ভিতৰতে বুৰবুৰাই কি যে অদ্ভুত ল’ৰা বাৰু যাওঁ গাপা ধুই লওঁ তাৰপাছত দেখা যাব " দিবাকৰৰ মাক গা ধুবলৈ যায় ৷ দিবাকৰে ভৰি হাত ধুই লৈ আৰতি কৰি কিতাপৰ টেবুলত বহিল ৷ সত্যমও তাৰ লগত বহি ইটো সিটো শিকাই আছে 
এনেতে দিবাকৰ মাক সোমাই আহিল সত্যমক দেখা মাত্ৰে মাত লগাই " অ বাবু তই কি খবৰ ? " সত্যমে তেখেতলৈ চাই " মোৰ খবৰ ভালেই আপোনাৰ?
 " অ মোৰ ভাল ভাল বাৰু ৰ’বা চাহৰ দিহাদিহি কৰোহঁক বহচোনএইবুলি কৈ দিবাকৰৰ মাক ভিতৰলৈ সোমাই যায় ৷
সত্যম আকৌ দিবাকৰৰ স্কুলৰ বহিখন লৈ চাবলৈ ধৰিলে ৷ এনেতে দিবাকৰ সত্যমলৈ চাই " দাদা মই পৰিক্ষাত ভাল স্থান পাবলৈ কি কৰিব লাগিব কবনে ? সত্যমে তপৰাই উত্তৰ দিলে চোৱা পৰিক্ষাত ভাল নম্বৰ গোটাবলৈ হ’লে তুমি পঢ়াৰ প্ৰতি বিশেষ যত্ন লব লাগিব  আৰু মনপুতি পঢ়াৰৰ লগতে নিজৰ ভাললগা কামটহও কৰিব লাগিব ৷ লগতে জানি থোৱা যে পৰিক্ষাত প্ৰশ্ন কাকত নপঢ়াকৈয়ে জানাখিনি নিয়াৰিকৈ কৰি যাবা , পৰিক্ষাত নিজকে ধনাত্মক ভাৱধাৰৰে পৰিক্ষাত বহিবা চাবা ফলাফল নিজে নিজে ওলাই পৰিব ৷
ভাতলৈ মাতিলে দুয়ো গৈ ভাতত বহিল 
এনেদৰে মিঃ ৰাজু ঘৰত প্ৰথম নিশাটো পাৰ হ’ল ৷ 
দ্বিতীয় দিনা ৰাতিপুৱাতে শুই উঠি সত্যম গাপা ধুই দিবাকৰক জগাই " দিবাকৰ অ দিবাকৰ উঠা আকৌ ৰাতিপুৱালেহি " কম্বলৰ ভিতৰৰপৰাই দিবাকৰে টোপনি জালত ভঙা ভঙা মাতেৰে " শুবলৈ দিয়ক না দাদা এনেও আজি দেউবাৰ এইবুলি কৈ কম্বল টানি শুই যায় ৷ সত্যমে কম্বল টানি তাক উঠাই বহাই দি কয় কিহে টোপনী আজিলৈকে ইমানে বাকী টোপনী অহাটো খণ্ডত এতিয়া যোৱা মুখখন ধোৱাগৈ ফুৰিবলৈ যাম " ফুৰিবলৈ যোৱাৰ কথা শুনি দিবাকৰ একে জাঁপে উঠি লৰ মাৰিলে এনেতে দিবাকৰ মাকে চাহ লৈ সোমাই আহে বাবু চাহ খোৱাহি কলৈ যাবা ৰাতিপুৱাতে সাজিকাচি ?" সত্যমে চাহকাপ হাতত তুলি লৈ " নিতু ঘৰফালে যাম " দিবাকৰৰ মাকে মিঠাই এটা তাৰ হাতত দি " বাবু চাবা বাগানত কেইটামান ধনী বাপেকৰ অভদ্ৰ ল’ৰা আছে যিয়ে কাৰণ নোহোৱাকৈ কাজিয়া কৰে " সত্যমে কাপপ্লেট হাতত দি " ঠিক আছে চাই লম " দিবাকৰে আহি মাত দিলেই " দাদা ব’লক মই ৰেডী " সত্যমে মিচিকিয়াই " অকে লেটচ গ' " ৷
দুয়ো ওলাই যায় নিতুহঁতৰ পদূলিমুখত থিয় হৈ দিবাকৰে মাত লগাই " নিতু বা অ নিতু বা " কিছু সময় পাছত নিতুৰ মাক ওনাই আহি " নিতু নাই বজাৰলৈ ওলাই গৈছে " ৷ নিতু বজাৰলৈ গ’লেই দেখোন সত্যমে নিৰাশমনে পৈ ৷তাকে দেখি দিবাকৰে ক’লে " ডণটৱৰী ব্ৰ মই আছো নহয় বজাৰলৈ যাওঁ ব’লক নিতু বাক তাতে লগপাম " ৷ দুয়ো বজাৰলৈ বুলি খোজ দিলে ৷ এইফালে নিতু বজাৰৰপৰা দুই হাতত দুখন বেগ লৈ বজাৰৰপৰা উভতি আহি আছে এনেতে বাইক চাৰিখন আহি তাইক আগভেটি ধৰিলে ৷ নিতু ৱে সিহঁতলৈ চাই ক’লে " কি লাগে তহঁতক কলেজৰ দিনৰ কথা পাহৰিলা নেকি " ৷ তাৰে এজনে বাইকখনৰ ষ্টাৰ্ট বন্ধ কৰি নিতুৰ ওচৰ চাপি তীক্ষ্ণ দৃষ্টিৰে চাই ক’লে " সে প্ৰতিশোধে তো লবলৈ আহিছো আজি চাওঁ কোনে ৰক্ষা কৰে ইয়াত চাৰিওপিনে বাগান তোৰ ৰেপ কৰাৰ মজাই বেলেগ হব হা হা হা … ৷" নিতুৰ ভয়ত মুখ শুকাই গ’ল ৷ বাইকৰ ল'ৰা এজনে ক’লে ভাইসকল আজিৰদিনটো খুবেই ভাল ধৰ এইজনীক আৰু বাগানৰ ভিতৰলৈ লৈ ব’লা ৷ নিতুৰ হাতত ধৰিবলৈ লওঁতেই শি গুটি এটা আহি মুৰত লাগিল কোন বে ৷ " উত্তৰত এটা পুৰুষ ভাষ্য শুনা গ’ল তঁহতৰ দিন খুবেই বেয়া সেইবাবে এনে দুষ্কৰ্ম কৰাৰ কথা ভাৱিছ " ৷

আগলৈ পঢ়িবলৈ পাব – গুণ্ডা ল’ৰা কেইতাক এশিকনি দিয়া ৷আৰু  কৰম উৎসৱৰ আয়োজন ৷
বাকী কাহিনী তৃতীয় খণ্ডত পঢ়িবলৈ  পাব ঠিক আজিৰ দিনত 

📝দুলাল ৰবিদাস 
নুমলীগড় গোলাঘাট



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)