ৰুণজুনে এম. এ. প্ৰথম বছৰত প্ৰিভিয়াচ পাচ কৰিলে,৮৪ শতাংশ নম্বৰ লৈ- খবৰতো পাই দেউতাক মাকৰ খুউৱ ভাল লাগিল ।
কিন্তু, ভনীয়েকৰ ( ববিতা) অলপ ইৰ্ষা আছিল । তাতে ৰুণ -অতি সুন্দৰীও । যি নহওক
খবৰতাে তাই মােলৈও জনালে লগে লগে । ফােন ও কৰিলে তাইৰ ৰিজাল্ট ভাল হৈছে বুলি । যি কথাই নহওক মােক জনাবই ।
মােৰাে ভাল লাগে তাইৰ ভাল খবৰবােৰ পাই থাকিলে ।
ইউনিভাৰচিটিৰ পৰা আহি আবেলি হােষ্টেলত ৰুণে ৰেষ্ট লৈ আছিল , তেনেতে হােষ্টেলৰ আয়াই আহি ক'লে তাইৰ ভিজিটৰ আহিছে , তাই লগে লগে ওলাই গ'ল আৰু দেখিলে waiting room ত ৰিহণ বহি আছে ।
ৰুণ: অ ৰিহণ তুমি ।
ৰিহণ : কি কৰিছা?
ৰুণ: নাই এনেয়ে।
ৰিহণ: কিবা ক'বা?
ৰুণ : আজি Privious ৰ ৰিজাল্ট দিলে ।
ৰিহণ : ইমান সময়ে তুমি কোৱাই নাইযে ।
ৰুণ: আহি ৰুমত সোমাইছিলােহে - এনেতে তুমি আহিলাই , বেছি সময় হােৱাই নাই ।
ৰিহণ : পিছে কেনেকুৱা হ'ল ?
ৰুণ : 1st class পাইছাে ।
ৰিহণ: কিমান পাৰচেণ্ট পালা?
ৰুণ : (সেমেনা - সেমেনিকৈ) ৮৪ % পাইছাে ।
ৰিহণ : বাহঃ। তেন্তে আজিতাে ভাল পাৰ্টি এটা দিবই লাগিব । কি কােৱা ?
ৰুণ : ক'ত খাবা ?
ৰিহণ: তুমি কোৱা ।
ৰুণ : তাজমহলতে বলা । হবনে?
ৰিহণ : জী মেডাম ।
ৰুণে মুখখন ফিচিঙা -ফিচিঙি কৰি এনেয়ে দেখুৱালে ।
তাৰ পিছত ৰুণে ভালকৈ পিন্ধি উৰি ওলাই আহিল । তাই গােলপীয়া ৰঙৰ শাৰী এখন পিন্ধিলে । এনেয়ে ঢকঢকীয়া বগা - তাইক সেইকাৰণে আৰু বেছি ধুনীয়া লাগিছে ।
ৰিহণে মনে মনে চালে তাইলৈ- তাইৰ মনােমােহা ৰূপ-লাৱণ্য ।
দুয়াে ওলাই গ'ল ওচৰা-ওচৰি খােজেৰে ।
খােজ কাঢ়িয়েই বহুদূৰ গ,ল
কথা পাতি পাতি ।
এনেতে টেক্সি এখন অহাত ৰখালে আৰু ৰেষ্টুৰা -কাম -
হােটেল পালেগৈ । তাজমহলত হোটেলত সোমাল । বহুত মানুহ । ল'ৰা -ছােৱালী, আদহীয়া আদি বিভিন্ন বয়সৰ মানুহ । তেওঁলােকে স্পেচিয়েল বিশেষ অৰ্দাৰ দিয়া নাই - সদায় খােৱাৰ দৰেই বিৰিয়াণি, চিকেন, আইচক্ৰীম আদিৰে খালে ।
আজি যেন তেওঁলােক দুয়ােৰে জীৱনৰ এটা খাপ আগবাঢ়ি গ'ল । লাহে লাহে যেন দুয়ােৰে ওচৰ চাপি অহাৰ দিন আহি পৰিছে ।
ৰুণে বিল দিলে । বিল দিয়াৰ পিছত দুয়াে ওলাই আহিল । ওলাই আহােতে প্ৰায় আঠমান বাজিছিল ।
আকৌ ৰিহণে ৰুণক হােষ্টেলত থবলৈ গ,ল আৰু গেটলৈকে আগবঢ়াই দিলে । ৰুণে গেটখন খুলি সােমাই আহিল আৰু হোষ্টেলৰ প্ৰিফেক্তে মাতি পথালে -তাইৰ হেনাে ঘৰৰ পৰা ফােন আহিছে । সেইদিনা ৰুণে ভাবিছিল কিয়বা ফােনতাে আহিল (?) । ফােনৰ ৰিচিভাৰ ধৰিলে- সিফালৰ পৰা মাকে ক'লে ,' ভালে আছনে ? তাই ক'লে ," ভাল" ।
মাক : অহা সােমবাৰে দেউতাৰে তােৰ ওচৰলৈ যাব ।
ৰুণ : কিয় আহিব ?
মাক : কিয়, দেউতাৰ গ'লে
বেয়া পাঅ নেকি ?
ৰুণ : নাই নাপাও । দেউতাই ইমান কাম-বন এৰি আহিব লাগিব - সেইবাবেহে কৈছাে ।
মাক : শুন ভালকৈ পিন্ধা উৰা কৰিবি ।
ৰুণ : মইতাে ভালকৈ থাকোৱেই ।
মাক : নহয় মানে - তোক চাবলৈ IAS অফিচাৰ এজন যাব ।
ৰুণ : অঁ বুলি কৈ তাইৰ মাত নােহােৱা হ'ল ।
মাক : অঁ তােক খবৰতাে দিলাে ।
ৰুণে , হবদিয়া বুলি ক'লে আৰু একাে নকলে । মাকে ফােন কাটি দিলে । তাইৰ মনতাে গধুৰ হৈ আহিল ।
দেউতাকে বা আহি কি কয় -তাইৰ ভাবিয়েই মূৰতাে কিবা ভাল নলগা নিচিনা হ'ল । ৰাতি আৰু একােৱেই নাখালে, মাত্ৰ পানী এগিলাচ খাই অলপ ইফাল-সিফাল কৰি বাগৰ দিলে, এনেয়ে । কি কৰাে - ৰিহণক এই কথাবােৰ কওনে নকও - এনেকুৱা বহু প্ৰশ্নৰ দোমোজাৰ মাজত ৰাতিতাে কটালে ।
আগলৈ------
📝 মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ