আলি আয় লিগাং আহিছে

Rinku Rajowar
0
শিমলু ফুলে হাঁহি হাঁহি জনালে
ফাগুন   আহিল বুলি।
ফাগুনৰ পছােৱায়াে 
ফাগুন অহাৰ বতৰা দিলে ॥

সৰাপাতৰ  নাচোনত
ফাগুন অহাৰ বাতৰি আহে ।

ফাগুন  মাহ আহিলে লিগাঙলৈ মনত পৰে  ।
আলিআই  লিগাং আহিলে 
আহুধান সিচিবৰ সময় হয় ।
ধান সিচাৰ পাছতেই -

শস্য শ্যামলা হােৱাৰ আশা লৈ 
গুমৰাগ  নাচি মিছিঙা আনন্দ কৰে ।
গাৱেঁ গাৱেঁ 
গুমৰাগৰ ঢােল বজাই 
উলাহত নাচে গাওঁবাসীয়ে ॥

ফাগুনৰ বতাহেও
সোঁৱৰাই দিয়ে মানুহৰ মনত
ফাগুন আৰু লিগাং আহিল,
আমাৰ সংস্কৃতি - লিগাং আহিল -
ধান সিচিবৰ হল বুলি সোঁৱৰাই দিয়ে ॥

📝 মীনা পামে গাম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)