এজন বেংগলী মানুহে লগত ঘৈণীয়েক আৰু পাচ বছৰীয়া ল'ৰাটাে লৈ ৰেলত যাত্ৰা কৰিছিল । অসমৰ পৰা বম্বেলৈ । দ্বিতীয় শ্ৰেণীৰ, টু-টায়াৰ বাতানুকুল ডবা । তাত বেংগলী মানুহজনৰ পৰিয়াল আৰু মুখামুখিকৈ এহাল অসমীয়া আদ- বয়সীয়া বুঢ়া-বুঢ়ীও উঠিছিল ।একেবাৰে বুঢ়া হোৱা নাই ।
বেংগলী মানুহজন অসমতে থাকে। দক্ষিণ ভাৰতলৈ ফুৰিবলৈ যাব । অসমৰ পৰা দুদিন বেছি লাগে তালৈ পাবলৈ । বেংগলী মানুহজন পেচাত ইন্জিনীয়াৰ ।
সাধাৰণতে কিছুমান বেংগলী মানুহে দূৰৰ যাত্ৰা বিলাকত ৰেলত ভাতৰ বাহিৰে চানা, বিস্কুত, ফল-মূল, মুৰি আৰু ঝাল বনােৱা সামগ্ৰী বাস্কেটত লৈ ফুৰে আৰু নিজে বনাই খায় , সেইতাে বৰ ভাল অভ্যাস ।
সেই বুঢ়ী গৰাকীৰ মুখৰ পৰা ৰেলযাত্ৰাত পোৱা তেওঁৰ অভিজ্ঞতা আমাৰ আগত ব্যক্ত কৰিছিল । গোটেই যাত্ৰাৰ বৰ্ণনা দিলে আৰু তেওঁলােকৰ লগত সেই যাত্ৰা কৰি কিমান আনন্দ পালে তাকেই বৰ্ণাইছিল ।
বেংগলীলােকজনৰ নাম ৰণ্জিত আছিল । বুঢ়ী গৰাকীয়ে ভাৱিছিল কিজানি আমনি লাগিব অচিনাকি মানুহৰ লগত গৈ প্ৰথমে ।
সকলােৱে নিজৰ নিজৰ শয়ন বেডত বহিলে । চা-চিনাকি হ'ল । কিছুদূৰ যোৱাৰ পিছত চাইৱালা আহিল । সকলােৱে চাহ খালে । পইচা দিবৰ সময়ত ৰণ্জিতে বুঢ়ীক পইচা দিবলৈ নিদিয়ে, তেওঁ দিব । সকলােৰে তেওঁ দিব । এনেদৰে তেওঁলােক গৈ আছে । দুয়ােটা পৰিয়ালে কথা-বতৰা পাতি গৈ আছে ।
কিছুদূৰ যোৱাৰ পিছত ৰণজিতৰ ঘৈণীয়েকে ঝাল -মুৰি বনাবলৈ ল'লে আৰু দুয়ােটা পৰিয়ালে খালে । অলপ পাছতে কফি কফি কৰি আহিল কফিৱালা । আকৌ কফি খালে অাৰু পুনৰ পইচা ৰণজিতেই দিলে সকলোৰে । বুঢ়াই বোলে - এহ অকল তুমিয়েই কিয় পইচা দিবানে, আমিও দিম আকৌ । নাই ৰণজিতে প্ৰতিবাৰেই দিয়ে । ৰণজিতে কয় ," এহ কিয় চিন্তা কৰিছে , কিমাননাে পইচা যাব
একাে নহয় ,খাওক ।
অকল ৰণজিতৰ ব্যৱহাৰেই ভাল নহয় -সমানে ঘৈণীয়েকৰ মনতোও মুকলি আছিল। অসমীয়া কথা দুয়ােজনে সমানে কয় , টিউনতোহে অলপ বেলেগ মাথাে। সেইতো সকলােৰে হবই । তেনেকৈ এদিন পাৰ হ'ল ।
দ্বিতীয় দিনাখনাে সেই একেই ব্যৱহাৰ পালে বুঢ়া - বুঢ়ী গৰাকীয়ে । যাত্ৰাত কথা পাতি গৈ আছে -সেই সময়ত অসমত মোবাইলৰ ব্যৱহাৰ একেবাৰেই ক'ম আছিল । বুঢ়ীৰ ঘৰৰ মানুহে তেওঁলােকৰ একাে খবৰ পোৱা নাই বুলি কথাত কথা ওলাল । তেতিয়া ৰণজিতে ক'লে ," মােৰ মোবাইল আছে নহয় , কিয় চিন্তা কৰিছে যিমান কথা পাতে পাতক বুলি নম্বৰতো সুধি লগাই দিলে আৰু বুঢ়ীয়েও লবলৈ বাধ্য হ'ল । তেওঁ ঘৰৰ লগত কথা পাতিলে । ৰণজিতে ক'লে ," আপোনাৰ যেতিয়াই দৰকাৰ হয় মােক ক'ব " । বুঢ়ীৰ, ৰণজিতৰ ব্যৱহাৰ দেখি বৰ ভাল লাগিল আৰু তুলনা কৰিলে আমাৰ পুত্ৰয়াে এনে ব্যৱহাৰ নকৰিব কিজানি । মুঠতে ৰণজিতৰ আচাৰ-ব্যৱহাৰ আৰু মনোভাৱ দেখি শ্ৰদ্ধা কৰিবৰ মন গৈছিল বুলি কৈছিলে ।
দ্বিতীয় দিনাও তেওঁলােকে বুঢ়া-বুঢ়ীৰ লগত সমানেই কথা - পাতি যাত্ৰা কৰিছিল । ৰণজিতৰ ঘৈণীয়েকে হেনাে অসমীয়া বিহুগীত ও গাব জানে । তাই বিহু গীত গালে - ভালেকেইতামান ।
মই আকৌ - কেনেকৈ বেংগলী পৰিয়ালৰ লগত যাও - এনেকে ভাবিছিল, এতিয়া দেখিলাে বহুত ভাল দেখুন । দুয়ােজনেই ভাল । বুঢ়ীৰ নম্বৰ -চম্বৰ লৈ টুকি থ'লে । বুঢ়ীয়ে ভাবিছিল ৰেল যাত্ৰাত বহুত আমনি লাগিব । কিন্তু, তেওঁলােকক পাই ইমান ভাল পাইছিল বুঢ়ীয়ে বুজাব নােৱাৰে । সেই ৰেল যাত্ৰাৰ সংগীৰ ব্যৱহাৰে বুঢ়ীৰ মনত সাঁচ বহােৱাই দিলে ।
কিছুদিন জীয়েক থকা ঠাইত থকাৰ পিছত অসমলৈ বুলি পুনৰ ২য় শ্ৰেণীৰ বাতানুকুল ডবাত টিকট কৰিলে । শয়ন ৰ সুবিধা থকা ৰেল । ৰাতি দুয়ােফালে দুটা দুটা চিট থকা আৰু তেওঁলােকৰ দৰে একে বয়সৰে এহাল অসমীয়া মানুহ উঠিছে । দুফালে দুটা অসমীয়া পৰিয়াল নিজৰ নিজৰ চিট ল'লে ।
বুঢ়ীয়ে মন কৰিলে - আও এইহাল আক' কেনে মানুহ , অসমীয়া মানুহ হৈয়াে মাত এষাৰো নাই আনকি কেৰাহীকৈয়াে আমাৰ ফালে নেচায় ।
বুঢ়ীৰ তেতিয়া সেই ৰণজিতলৈ মনত পৰি গ'ল আৰু ভাবিলে ," মানুহৰ কি আকাশ- পাতাল পাৰ্থক্য । বেংগলী হলেও আমাক যি ব্যৱহাৰ কৰিলে ( যিতো পাহৰিব নােৱাৰি) এতিয়াও ভাবিলে মনতো ভাল লাগে "।
আৰু এইহালে অসমীয়া হৈয়াে কথা কােৱা বা আপােনালােক ক'ৰ বুলিও শোধাৰ আগ্ৰহ নেদেখিলাে । আচৰিত !
বুঢ়ীয়ে লক্ষ্য কৰিলে - আমাৰ অসমীয়া মানুহে কাৰোবাক আগতে মাতিলে নিজকে সৰু হৈ যাম বুলি ভাবে । আৰু পত্নীৰ কি টাও । আচলতে এইবােৰ ঠেক মনোবৃত্তিৰ মানুহ ।
তেওঁলােকক ( বুঢ়ীক) মাতিলে - নিজৰ আভিজাত্যখিনি কমি যাব বুলি ভাবে ।
বুঢ়ীয়ে তুলনা কৰিলে ৰণজিতহঁতৰ ব্যৱহাৰ কিমান উচ্চ । ৰণজিতৰ নিচিনা মানুহবােৰ এটা আদৰ্শ মানুহৰ চৰিত্ৰৰ নিচিনা । আৰু সেই নিজকে অতি উচ্চ বুলি দেখুওৱা বুঢ়া-বুঢ়ীগৰাকীৰ মনোভাৱবােৰ দেখি একপ্ৰকাৰ আচৰিতেই হলো - এনেকুৱা
মানুহাে থাকেনে বুলি !!!!!
~~সমাপ্ত~~
📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ