মইতো নহওঁ কবি

©Admin
0
মইতো নহওঁ কবি
কিয় মােক কবি বুলি কোৱা ?

সদায় নিজৰ জীৱনৰ ডায়েৰী লিখাে । 
কিয় মােক কবি বুলি মাতা ।

উতলি থকা শব্দবােৰ 
চিটিকি পৰে মােৰ কলমৰ কাষত ।

জীৱনৰ দুৰ্গম  সমস্যাবােৰ 
ৰোমন্থন কৰো আৰু
কাগজত আঁক দিওঁ,
কিয় তুমি মােক কবি বুলি মাতা ?
মইতো নহওঁ কবি ।

নেমাতিবা মােক কবি বুলি ।
চিন্তা বিভােৰ হলে 
চিন্তাবােৰ উলিয়াই কাগজত ৰাখাে
কিয় মোক কবি বুলি মাতা ?
মইতো নহওঁ কবি ।

মন গধুৰ হলে 
বুকুৰ শব্দবােৰ উলিয়াই দিও,
বুকুৰ শব্দবােৰ কলমে শুহি লয়,
মইতো নহওঁ কবি,
কবিতা লিখিবলৈ
হৃদয়ৰ ভাৱবােৰ উৰুৱাই দিওঁ,
কলমৰ ওচৰলৈ ....।
সিমানেই ।

মইতো নহওঁ কবি 
কিয় মোক কবি বুলি মাতা ?

📝মীনাা পামেে গাম
চিপাঝাৰ, দৰং , অসম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)