নাৰী শক্তি ( নাৰী দিৱসৰ বিশেষ )

©Admin
0

যুগ যুগান্তৰৰ ৰহস্য তুমি

কোনেনো কৰিলে তোমাক সৃষ্টি

কেতিয়াবা মা

কেতিয়াবা পত্নী

কেতিয়াবা পুত্ৰী 

ক'ত ৰূপ আছে তোমাৰ নাৰী ৷


জাগিলে হিয়াত মৰম 

শত্ৰুৰো কৰিবপাৰা জয় মন

আকৌ যদি উঠে খং

পলকতে নষ্ট কৰিব পাৰা জীৱন ৷


তুমিয়েই পোহৰ 

তুমিয়েই অন্ধকাৰ

দুখত তুমি সুখত তুমি

তুমিয়েই সৃষ্টি জীৱনদাত্ৰী ৷


তুমি জননী তুমি অৰ্ধাংগিনী

তুমিয়েই মৰমৰ ভণ্টি

তুমি হাঁহিলে নানা ফুল ফুলে

তুমি কান্দিলে জগতত প্ৰলয় আহে ৷


নাৰী তুমি নিতৌ দিয়া বলিদান

স্বয়ং কষ্ট ভুগি থাকা আনৰ সুখৰ চিন্তা কৰি

নাৰী তুমি ইমান মহান

তোমাক কৰো শতকোটি প্ৰণাম ৷



📝দুলাল ৰবিদাস 

 নুমলীগড় গোলাঘাট





Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)