মন গহনৰ ফুল

©Admin
0
অনেক ফুল
মনৰ গহন বনত  |
অদেখা নানাৰঙী ফুলৰ
সখৰ বিচনা  |
কেনেকৈ বুজিবা
ফুলৰ বেদনা
আনৰ হাঁহিৰ বাবে
ঢাকি থব লাগে
বৈ অহা
থানা হুমুনিয়া  |
ফুলৰ চকুলো
নেদেখা বাবেই
এতিয়া
মেঘে ঢকা আকাশ  |
আকাশত শিল
বতাহত বালি
সকলো ধুৱলি কুৱলি  |
আহিব এনে এটি কাল
আকাশ হ'ব ফৰকাল  | |

     
  📝 হেমেন হাজৰিকা (মিৰ্জা)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)