বেবেৰিবাং পদ্য

©Admin
0
লকডাউন                         

চিটি বাছ আৰু   আই এছ বি টি
           পকেটমাৰ কেইটা
এই   সময়ত       বেয়াই লাগিছে
         যিমান আছ যেইটা ।
লক ডাউনত       উপাইও নাই
          মাথা তহঁতৰ নষ্ট
গাঁৱলৈ যাচোন  আটাইকেইটা
         কৰগৈ অলপ কষ্ট ।
চোৰ কেইটাৰো কিনোযে অৱস্থা
        দুখে কুলাই পাচিত
প্ৰতি ঘৰে ঘৰে    ঘৰৰ  মানুহ
        কি কৰা হ'ব উচিত !
চিলনী চোৰৰ   ড্ৰাগছ খাবলৈ
         ৰাস্তাত মহিলা নাই
খাবলৈ নাপাই    সিহঁতবোৰৰ
         কঁপনি উঠিছে ভাই। 
মদপী কেইটাৰ  মাথাও গৰম
        কোনেও নিদিয়ে টকা
কেনেকৈনো খাব ক'তনো বা পাব
       ফিৰিকা মাল ভদকা ?
গছত গৰু উঠা  কথা কোৱা নাই
       ভেকুলী পিঠিত নোম
মিছা কথা যদি   একে উশাহতে 
        মাটিত পৰিয়েই শুম।

   📝সৌৰভ কুমাৰ বৰুৱা
             উঃ লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)