পদপথৰ কবিতা

Rinku Rajowar
0
উচুপি উঠা এটি পদপথ
থিতাপি চন্দহীন যাযাবৰী
বিভ্ৰান্ত আকাশৰ তৰালী
কাহিনী কৰুণ কাহিনী
এটি নিস্পাপ হদয়ৰ...
এটোপাল চকুপানীত সৰগ বিচাৰি ফুৰা
নিস্তব্ধতা...
কাষত !
নাই আজি
শব্দৰ মৃদু গুঞ্জন
অকলশৰীয়া সেউজ পথাৰ
ডাৱৰৰ ফাকে ফাকে
এটোপ এটোপ বিষাদৰ চিটিকণি
কত যে আঘাত কোমল অন্তৰৰ
চাটি ফুটি পাৰ কৰা অথন্তৰ ৰজনী
বুকুত সাবটি শুই পৰা বিভ্ৰান্ত প্ৰতিচ্ছবি
আহ! আকৌ উদ্ভাসিত নিজান ৰাতি
অতীতৰ কৰুণ স্মৃতি..
পূৱাৰ বেলিৰ ৰহণ সানি
নকৰিবি আমণি...
   
📝নৃপেন ৰাজোৱাৰ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)