পৰাজিত কৰা অদৃশ্য শত্ৰুক

Rinku Rajowar
0
বসন্তৰ পৰসত উৎফুল্লিত প্ৰকৃতি
কুঁহিপাতে সজাইছে বিৰিখ
ফুলনিত ফুলিছে নানাৰঙী ফুল
ভোমোৰা আৰু মৌমাখিবোৰ হৈছে বিয়াকুল 
অসমীয়াৰ আদৰৰ ৰঙালী বিহুলৈ 
মাজত  কেইদিনমান বাকী 
আমাৰ মনতহে নাই উৎসাহ উদ্দীপনা
 জনতাৰ দেখি বিলাই বিপত্তি।

শুনা নাই নাচনীৰ মনত প্ৰেমৰ জোৱাৰ তোলা
ঢুলীয়াৰ ঢোলৰ কোৱ
নিমাও মাও পৰিবেশে ধৰিছে ছানি
নাচনীৰ তাঁত শালত শুনা নাই মাকোৰ শব্দ
মন ভীতিগ্ৰস্ত হৈ আজি সকলো গৃহবন্দী।

সমগ্ৰ বিশ্ব আজি ত্ৰস্তমান
বিষাক্ত কীটৰ দংশনত
হাজাৰজনে হেৰুৱাইছে প্ৰাণ
উদ্ধাৰৰ যে কোনো পোৱা নাই সমাধান,
শংকিত হৈ পৰিছে পুণ্যতীৰ্থ ভাৰতভূমিৰ সন্তান
গৃহতেই বন্দী হৈ চিন্তিছে ঈশ্বৰক
পাবলৈকে ইয়াৰ পৰিত্ৰাণ।

কীটবোৰৰ নাই দয়া মমতা
 নিমগ্ন হয় মাথোঁ নিজ বংশ বিস্তাৰত
কেনেবাকে সোমাব পাৰিলে মানৱ শৰীৰত
থিতাপি লয়গৈ হাঁওফাওঁত
ছানি ধৰি হাঁওফাওঁক তৎমুহূৰ্ততে
বাধা দিয়ে অক্সিজেন প্ৰৱেশত
মৃত্যুদণ্ডৰে দ্বন্দিত কৰি নৰক
বংশ বিস্তাৰ কৰে জগতত।

সাৱধান হোৱা দেশৰ জনগণ
এইয়া হৈছে অদৃশ্য শত্ৰুৰ সমে হোৱা মহাৰণ
কিন্তু মনত ৰাখিবা এই যুঁজ জিনিবলৈ 
লাচিত, মূলাৰ দৰে বীৰ বীৰাংগনাৰ নাই প্ৰয়োজন
নোৱাৰি জিনিব কোনো অস্ত্ৰ শস্ত্ৰৰে কিম্বা
কূটনীতিকৰ কূটনীতিৰে
ইহঁতক জিনিবলৈ
 প্ৰত্যক্ষ ৰণথলীৰ পৰা কৰা পলায়ন
আত্মগোপন কৰা স্বগৃহতে
আতৰি থাকা নকৰি কৰমৰ্দন
ভুলতো নৰ'বা দেখিলে জনসমাগম
পৰিস্কাৰ পৰিচন্ন হৈ থাকিলেই অদৃশ্য শত্ৰুৱে
প্ৰৱেশ নকৰি তোমাৰ শৰীৰত
নিজে নিজে কৰিব পলায়ন।

📝ব্ৰহ্মদেৱ গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)