মৌন কোলাহল

©Admin
0
 
শব্দৰ মৌন কোলাহল বুজি পোৱা?
হয়তো‌ নাপাবা,
নিষ্ঠুৰ আঘাতবোৰৰ
মৰ্মান্তিক বেদনাই
যেতিয়া হৃদয়ত খুন্দিয়াই,
অবুজন হৃদয় খনে
চিঞৰি উঠে।

দুচকুৰে নিগৰি আহে
দুধাৰি তপত চকুলো
অনুভৱী সত্বাইয়ো উৰি  লয়
মৃত দেহৰ দৰেই এখনি বগা চাদৰ।
তেতিয়াই সৃষ্টি হয় শব্দৰ,
সৃষ্টি হয় মৌন কোলাহলৰ।

📝 শৈলৱ ভট্টাচাৰ্য

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)