মাজুলী আইক ভাল পাওঁ

©Admin
0
 
'মাজুলী' , তোৰ কি গুণত
আপ্লুত হৈ
সাত সাগৰ
তেৰ নদী
পাৰ হৈ আহে  পৰ্য্যটক ?

কল্পনাপ্ৰৱণ
বিদেশীসকল আহে
নৈ -বিল , খাল -ডােল
গছকি ,
নদী -দ্বীপৰ আকৰ্ষণত ?

যদিও, নদীয়ে ঘেৰা মাজুলীত
পানীয়ে লিখে
জীৱনৰ দুৰ্ভােগবােৰ , 
নদীৰ সােঁতত উটি যায়
মাজুলীবাসীৰ
জীৱন সংগ্ৰামৰ
চকুলোবােৰ ॥

তথাপিও
মাজুলীৰ সৃষ্টি
কৃষ্টি সংস্কৃতি 
সকলোতকৈ শীৰ্ষত ॥

শীতৰ বালি চাপৰিত
লিখা থাকে
মাজুলীৰ সত্ৰৰ
ঐতিহ্যবােৰ ।

শৰৎ পূৰ্ণিমাৰ
ৰাসৰ মনােৰম সংস্কৃতিৰ
কৃষ্টিনন্দন  দৃশ্য
অতুলনীয়, 
দুৰ্ব্বাৰ আশা লৈ আহে লোক
ৰাসোৎসৱ উপভোগ কৰিবলৈ ॥
 
সত্ৰৰে ঘেৰা 
মাজুলীৰ ঐতিহ্যৰ শিখাক দেখি
বুজিবলৈ
ধপলিয়াই আহে
সংস্কৃতিপ্ৰেমী -
সূদুৰ পশ্চিমীয়া
বিদেশী পৰ্যটক ॥

মাজুলী আই তােৰ
আঘোণৰ হালধীয়া সৰিয়হৰ
পথাৰৰ তেলেতীয়া গোন্ধত
নাক উজাই লওঁ (!) ,
অ মােৰ মাজুলী আই ।
তোৰ পলসুৱা মাটিত
শস্য শ্যামলা
আহু -  বাওধানৰ
গােন্ধে ভৰায়  ভৰালবােৰ ।

নৈ - বিল 
খাল  - ডােলত
ৰৌ - চিতল
পাভ - দৰিকণা
কাৰণাে নাচাবা লুটি,
মাছৰ দপদপনিত
মাছুৱৈৰ হেনাে
টােপনি নাহে ৰাতি ।

আইতাৰ চৌকাত
খৰিকাত দিয়া
মাছৰ তেলৰ জুই
দেখিছানে কেতিয়াবা ?
দুহাতেৰে খাওঁ মাছ
মন ভৰি
পুঠি- খলিহনা পুৰি ॥

নদীৰ খলখলনি
শাওণৰ বৰষুণ
নদীৰ গৰাৰ 
চপৰা - চপৰ শব্দত
হিয়া ভাগে
মাজুলী আইৰ ।

তথাপিও নদীখনে
উটুৱাব পৰা নাই
মাজুলীৰ 
সংস্কৃতি আৰু ঐতিহ্যবােৰ ।
নদীয়ে অত্যাচাৰ কৰিলেও
মাজুলী আইৰ
মাটিৰ গোন্ধ
মাটিৰ  মৰম
নেওঁচি  যাব কোন ?

প্ৰকৃতিয়ে লৈয়াে যায়
প্ৰকৃতিয়ে দিয়াে যায় 
সোণ - পলসুৱা মাটি,
য'ত শস্যই কথা কয়
য'ত মাছে কথা কয়
ত,তেই জীৱনৰ সেউজীয়া
সপোন দেশে
কৃষকে কৃষকে ॥

বুকুৰ কলিজাৰ মাজেদি
ঢলে অহা-যোৱা কৰিলেওঁ ,
"মাজুলী আমাৰ আই" -
আমি কিয়  মাজুলীক এৰিম ।

সত্ৰীয়া, ঝুমুৰা, চালি, মাটিআখৰা
নৃত্যৰ
হাতৰ মুদ্ৰা - ভংগীমাত
নিহিত হৈ থাকে
সংস্কৃতিপ্ৰেমী মানুহৰ
নীবিড় প্ৰেম, শ্ৰদ্ধা, কৃষ্টিৰ মহিমা ॥
মাজুলীবাসীৰ 
হাড়ে হাড়ে
তেজে তেজে
লিখা আছে 
কৃষ্টি - সংস্কৃতিৰ প্ৰতি 
অগাধ প্ৰেম ॥

শত সহস্ৰ পথিকে
মাজুলীৰ ধুলিকণা
মাটি বায়ুত
লিখি থৈ যায়
সুন্দৰ সংস্কৃতিৰ কথা ॥

কৈ যাম মই 
চিঞঁৰি চিঞঁৰি
মাজুলী আই তোমাৰ গুণৰ
তুলনা নাই ॥

ইতিহাসেওঁ নাপাহৰে
তোমাৰ গুণ,
সৌ পশ্চিমীয়া দেশ
তোমাৰ ৰূপ - গুণত মুদ্ধ,
মাজুলী আই -তোমাৰ গুণৰ তুলনা নাই,
সচাঁকৈ, তোমাৰ তুলনা আই ॥

📝 কবি : মীনা পামে গাম
      চিপাঝাৰ, দৰং, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)