বেবেৰিবাং

©Admin
0
ক'ৰণা সন্ত্ৰাসৰ মাজতে নগেনে চাকৰিৰ ইণ্টাৰভিউ দিব লগা হ'ল । প্ৰাথমিক পৰ্ব শেষ হোৱাৰ পিছত সাক্ষাৎকাৰ লওঁতাজনে প্ৰশ্ন আৰম্ভ কৰিলে- আপুনি  বাৰু বান্দৰ মানুহ হোৱা কথাটো বিশ্বাস কৰেনে ?
নগেন- বান্দৰ মানুহ হোৱা ক'তো দেখা নাই, মানুহ বান্দৰৰ দৰে হোৱা দেখিছো । 
পৰীক্ষক- ক'ত দেখিলে ? 
নগেন - বাহিৰতো দেখিছো আৰু ইয়াতো দেখিছো ।
পৰীক্ষক - ইয়াত ক'তা ? 
নগেন- ইয়াত আপুনি আৰু বাহিৰত বহুত ।
পৰীক্ষক- (খঙত)- আপুনি পাগল নেকি ?
নগেন- আপুনিহে পাগল । আপুনি জানো বান্দৰ মানুহৰ দৰে হোৱা কেতিয়াবা দেখিছে ? কিন্তু মুখত মাস্ক পিন্ধি লৈ  আপোনাক বান্দৰৰ দৰেই দেখাইছে ।
পৰীক্ষক- আপোনাকো এতিয়া ইয়াত বান্দৰৰ দৰে কৰি দিয়া হ'ব । চিকিউৰিটি, এখেতক এটা মাস্ক পিন্ধাই দিয়া, নহ'লে নিজেও ক'ৰনাত মৰিব আৰু আনকো মাৰিব ।

📝 সৌৰভ কুমাৰ বৰুৱা
   উঃ লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)