সোনালী সপোনৰ হেঙুলীয়া ৰঙেৰে
আশাৰ সোনালী সপোন ।
কঠিয়া সিচিলো এটোম দুটোমকৈ।
সপোন ৰঙীন হ'ল
কিন্তু - -কিন্তু সময়ে সহিব নোৱাৰিলে
সপোনৰ প্ৰাৰ্থনা টিত আউল লাগিল ।
উদং আৰু উদাস
সেউজীৰ ঘৰ
পিতৃ মাতৃৰ মৰম বঞ্চিত এখনি হিয়াই বিচাৰি আছিল অফুৰন্ত মৰম ।
মৰমক আকোঁৱালি লবলৈ উত্ৰাৱল হৃদয়
কালৰ কুটিল হাঁহি
এদিন দুদিনকৈ মাজৰাতি মাতাল হয়
হেপাহবোৰ - - - ।
সুখ দুখৰ বিচিত্ৰ কবচেৰে সজ্জিত
সংসাৰ
দুবাহুৰ শকতিৰে ৰছিলো ।
মাতাল ৰাতিবোৰত ক্ষত বিক্ষত হয় মন-শৰীৰ।
বিনিদ্ৰ ৰজনীত মৃত্যুৰ ভাবুকি
কলা ডাৱৰৰ আৱৰ্ত্তত উৰি গ 'ল
শান্তিৰ কপৌজনী।
আশাৰ সোণগুটি সপোনে
লুকাভাকু খেলিলে ।
হৃদয় ক্ষত-বিক্ষত।
মিঠা লগণতে উষাই বিচাৰি ফুৰে
সপোন কোঁৱৰক - - - !!
ক্ৰুৰ অট্টহাস্য পৰাধীন জীৱনৰ
অলস হৈ পৰে দেহা -- - - - - -
নিষ্ঠুৰ চাউদাঙৰ হাতত ।
হিয়াখন বন্ধকত থৈ ভবিষ্যতৰ পো জীহঁত।
বুকুত বৈ থাকিল জিৰি জিৰি কৈ
নিজান নদীৰ শীতল ছাঁয়া ।
📝 ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ