আধৰুৱা প্ৰেম কাহিনী - ( খণ্ড - ০৪)

©Admin
0
"আধৰুৱা প্ৰেম কাহিনী " ত তৃতীয় খণ্ডত আপুনি পঢ়িবলৈ পাইছিলে  - গুণ্ডা ল'ৰা কেইটাক সিহঁতৰ দুষ্কৰ্মৰ বাবে সত্যমে ভালকৈ এশিকনি দিছিল ৷ নিতুৱে দিয়া চাহ খাই ঘৰলৈ আহিয়ে দিবাকৰে সত্যমৰ ফাইট কৰা কৌশলৰ বাপেকৰ আগত গুণগান কৰে ৷ৰাতি ভাত সাজত কৰ'নাৰ ওপৰত লবলগীয়া সতৰ্কতাৰ বিষয়ে আলোচনা ৷ এতিয়া আগলৈ পঢ়ক -

ৰাতিপুৱাৰ ৰঙা সূৰুযৰ ৰেঙণিত গছবনে মণিমুকুটা নিগৰাইছে ৷ চৰাইজাক নীলা আকাশত উৰি উৰি যেন ৰাতিপুৱা হোৱাৰ বতৰা বিলাইছে  এনেতে মইনা চৰাইএটা আহি ঘৰৰ মুধচটোত বহি চিঞৰ বাখৰ লগাই আছেচৰাইৰ চিঞৰত দিবাকৰৰ মাকে সাৰ পাই উঠি আইনাখনৰ সন্মুখত থিয় হৈ চুলিখিনি বান্ধি আছে এনেতে
কোনোবাই চিঞৰি চিঞৰি মাতিছে " দিবাকৰেৰ মা এ দিবাকৰেৰ মা উঠ গ এদিগাই ত বৰ জৰুৰী বাত আহে "
মাততো শুনি ততালিকে গৈ দৰ্জাখন খুলি দিয়ে " অ বিৰ্জুৰ মা বল এতনা ফজিৰে আহি চিৰলাই আছি কিবা হ'ল নেকি ? দিবাকৰ মাকৰ সুধাত বিৰ্জুৰ মাকে ৰহস্যজনকভাৱে কথাখিনি কয় " জানি কি নাই কাইল ৰাইতে একটা ছানা জন্ম হৈয়ে আঁঠু কাঢ়েক লাগল তাৰপিছে ছানাটা খাঢ়া হৈ গেলেক এই ঘটনা দেখিকে ডাক্তৰ নাৰ্চেৰ শুঁচ উড় গেলেকতাৰপিছে ছানাটা বলকে লাগলেক " শুন সবাই এখন পৃথিৱীকে কেও বাচাতে নাই পাৰবেক কাৰণ তৰা মানুহ সবাই পাপেৰ সীমা পাৰ কৰলি সেইকাৰণে দুনলীয়াকে মই ছাজা দিছি এই কৰ'না নামেৰ ভাইৰাছ টা ময়ে সৃষ্টি কৰেছি যাতে মানুসেৰ গায়ে লাগি সবকেৰ মৃত্যু হয় " সেই কথাটা শুনি ডাক্তৰে পুছলেন " মা এই মুচিবতেৰ কিবা সমাধান
আছে নেকি ? " তেতিয়া ছানা টাই বলেলেক " আছে সবাই
ঘৰে ঘৰে জল ছিটকাই শুদ্ধিকৰণ কৰকে মাজ আঙনাই চাকি বাতি জ্বলাবি ঢল ঢাক বাজাবি সব ঠিক হৈ যাবেক " এই বলকে ছানাটাৰ মৃত্যু হৈ গেলেক ঠিক আছে হামি যায় ঘৰ দুৰাণ চাফা কৰতে আছে এইবুলি কৈ গুচি গ'ল ৷
দিবাকৰৰ মাকে লৰালৰিকৈ গাপা ধুই ঘৰত পানী ছটিয়াই পানীৰ ছিটিকনিত দিবাকৰ চিঞৰি উঠিল বৰষুণ বৰষুণতাকে শুনি মাকে তাক ধৰি উঠাই বহাই দি ক'লে যোৱা চাফা হোৱা এইবুলি ক বাকী সকলোকে জগাই দিলে ৷
কিছু সময়ৰ পাছত সকলোৱে গোট খালে দিবাকৰে ক'লে আজি কিবা উৎসৱ আছে যেন পাইছো ঘৰ দুৱাৰ ইমান চিকচাক " মাকে ক'লে কোনো পৰৱ নাই আজি বিৰ্জুৰ মাকে আহিছিল বিৰ্জুৰ মাকে কোৱা সকলো কথা বিৱৰি ক'লে কথাখিনি শুনি গোটেই কেইটাই খিলখিলাই হাঁহিবলৈ
ধৰিলে তাকে দেখি দিবাকৰৰ মাকৰ খং উঠি গ'ল " তহঁতে ধেমালি বুলি হাঁহিছ মাৰ প্ৰকোপ লাগি পৃথিৱীখন যেতিয়া শেষ হৈ যাব তেতিয়াহে গম পাবি " দিবাকৰৰ মাকৰ খং দেখি সিহঁতে হাঁহা বন্ধ কৰি দিলে আৰু মিঃ ৰাজুৱে ক'লে
" চোৱা মালতী এইবিলাক ভুৱা বাতৰি তেনে কোনো কথা নাই জনতা কাৰ্ফিও দিনাখন দেখিছিলা নাই মোদী জীয়ে মানুহক ঘৰৰপৰা ওলাবলৈ মানা কৰিছিল কিন্ত সন্ধিয়া পাঁচটা বজাৰ লগেলগে সকলো মানুহে বাহিৰত জাকপাতি
ওলাই ৰাস্তাত ক্ৰিকেট খেলা , কৰ'না মুৰ্দাবাদ শ্লোগান দিয়া ,ঢাক, ঢোল , কাঁহীবাটি লৈ বজোৱা আদি অদ্ভুত কা্ৰ্য কৰিছিল আৰু কৈছিল মোদীজীয়ে কৈছে বুলি আৰু আজিএই ভুৱা বাতৰি " দিবাকৰৰ মাকে কথাটো বুজি পাই দীঘলীয়া উশাহ এটা টানি ক'লে হব বাৰু মই চাহত লাগো গৈ তহঁতে কথা পাতি থাক গইবুলি কৈ গুচি যায় সিহঁত তিনিওটা আকৌ এজনে আনজনক চাই খিলখিলাই হাঁহিবলৈ ধৰিলে ৷ কিছু সময়ৰ পাছত চাহ আৰু পকৰী লৈ দিবাকৰৰ মাকে লৈ আহিল দিবাকৰে পকৰী বুলি চিঞৰি কেইটামান পকৰী হাতত লৈ খাবলৈ ল'লে ৷ এনেকৈ মাইকৰ মাত শুনি গোটেই সোপাই কাণপাতি ৰ'লহি " শুনক শুনক কৰ'না মহামাৰীৰপৰা হাত সাৰিবলৈ তথা কৰ'নাৰ সংযোগ বিছিন্ন কৰিবলৈ ২১ দিনীয়া  লকডাউনৰ ঘোষণা কৰা হৈছে গতিকে কোনোৱে যাতে ঘৰৰপৰ ওলাই নাযায়  আৰু এই আইন নমনা সকলক ছমাহ / এবছৰ কাৰাদণ্ড বিহা হব , জৰুৰী কালিন  সেৱাৰ লগতে গেলামালৰ দোকান আৰু ফাৰ্মাচী খোলা থাকিব সৰু সৰু শিশুক বাহিৰলৈ ওলাই যাবলৈ নিদিব প্ৰয়োজন পক্ষে বাহিৰলৈ ডাঙৰসকলে যাব  পাৰে মাক্স ধাৰণ কৰি আজি সন্ধিয়া ছয় বজাৰপৰা সম্পূৰ্ণ লকডাউন থাকিব ভাৰত চৰকাৰৰ দ্বাৰা জনস্বাস্থ্যৰ হিতাৰ্থে প্ৰচাৰিত " লকডাউনৰ কথা শুনি সকলোৰে মনত বেজাৰ লাগিল ৷ দিবাকৰে ক'লে কি হব ২১ দিন ঘৰৰ ভিতৰত " মাকে তাৰ কথা শুনি হাঁহি হাঁহি ক'লে ভালেই হ'ল আৰু যাবি বাহিৰলৈ দিবাকৰ মন মাৰি যোৱা দেখি বাকী সকলে খিলখিলাই হাঁহিলে ৷

বাকী কাহিনী অহা সপ্তাহলৈ আজিৰ দিনত পঢ়িবলৈ পাব

 📝 দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)