নিউ জেনেৰেশ্যন

©Admin
0

নাই আজি গৰু গাড়ী

নাই আজি ঘোৰাগাড়ী

ইখন দেশৰপৰা

সিখন দেশলৈ

নাযায় কোনেও খোজকাঢ়ি

কেঁচা আলি হ'ল পকী

ঘৰ দুৱাৰো হ'ল পকী

গগণ চুম্বি অট্টালিকা

গাড়ী , মটৰ , এ'ৰপ্লেন

টিভি , মবাইল , ইণ্টাৰনেট

মহা মগজু কম্পিউটাৰ

আজি পৃথিৱী হ'ল

সৰু গাঁও এখনি ৷


নাই চিঠি নাই তাৰ

এছএমএছ ইমেইল ফেক্স

আহি ল'লে ঠাই

হাতৰ মুঠিত সকলো

অপচয় নহয় সময়ো 

বিজ্ঞান প্ৰযুক্তিৰ আগমণ

মানুহৰ হ'ল বিলাসিতাৰ জীৱন


নিতৌ নতুন আৱিষ্কাৰ

পৰিক্ষা নিৰীক্ষা অনুসন্ধান

প্ৰকৃতি জগতৰ হৈছে বিনাশ

আজি পঞ্চতত্ত্ব প্ৰদুষণ

মানৱ জগত হৈছে ইয়াৰ কাৰণ

সীমা যে গ'ল চেৰাই

প্ৰকৃতিয়ে লৈছে প্ৰতিশোধ

কৰ'না ভাইৰাছ হৈছে

ইয়াৰ জ্বলন্ত প্ৰমাণ

মানৱ জগত কৰিছে হাহাকাৰ

চৌদিশে মৃত্যুৰ নগ্ন তাণ্ডৱ

কৰ'নাৰ আক্ৰমণত 

আতংকিত জনসাধাৰণ

কিছু লোকৰ স্বাৰ্থৰ বাবে

বিপদত পৰিছো সৰ্বজন

দিনক দিনে বাঢ়িছে 

কৰ'নাৰ আতংক

কি কৰো কি নকৰো

স্থগিত হৈছে কৰ্মজীৱন

গৃহবন্দী হৈ আছো কাৰণ

দেশত পৰিছে লকডাউন 

মানি চলো যদি এই নিয়ম 

কৰ'নাৰ আতংকৰ পৰিব 

নিশ্চয় সোনকালে সমাপন ৷

আমি নিউ জেনেৰেশ্যন

নিউ থিংকিং 

নিউ প্লান কৰিম

পৃথিৱীক প্ৰদুষণ মুক্ত 

 ধৰণী ধুনীয়াকৈ সজাই তুলিম

নাথাকিব কৰ'না যেন শত্ৰুৰ স্থান

মাথোঁ শান্তি সম্প্ৰতি হব সুখময় পৃথিৱী ৷


📝দুলাল ৰবিদাস



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)