কীটনাশক

©Admin
0
সিহঁতে ভয় খালে
ভয়ত পেঁপুৱা লাগিলে
চʼক খাই কৰ্ফাল খাই পৰিলে
আন্ধাৰ জগতৰ বাসিন্দা
জঘন্য কীটবোৰে বগুৱা বাই আছিল
মৃত্যুৰ পৰোৱানা লৈ
সকলোকে লম্ভিবলে
সমৱেত শক্তিৰ জাগৰণ দেখি
সংকল্পৰ গগনবিদাৰী অনুনাদ শুনি
কেনিবা গাতত গৈ লুকালে

 📝জ্যোতিষ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)