পৃথিৱীৰ অসুখ

©Admin
0
তহঁতৰ ভুলৰ বাবেই
পৃথিৱী ভুগিছে ।
ডাঙৰ দেশ
কণমানি মন ।

এতিয়া মহাদেশৰ দুৰ্দশা
ভােগ কৰিছনে - কিম্বা ।
ইমান জ্ঞানী হৈ
কেনেকৈ ইমান ডাঙৰ ভুল কৰিলি ।

নিজৰ শূলত
নিজেই বজিলি ।
পৃথিৱীবাসীক
বিলাই দিলি মহামাৰী !!!

পৃথিৱীবাসী,
আমি নিজকে ভাগ ভাগ কৰিছিলো,
তথাপিও ভাগ কৰিব পাৰি জানো ।
একেই মাটি

একেই বায়ু
একেই আকাশ
সকলোৱে একেখন পৃথিৱীতেই
বাস কৰো ।

তোমাৰ,  
আমাৰ বুলি ভাগ কৰিছিলা,
ভাগ কৰিব পাৰিলা জানো ? 
দেশৰ আদান-প্ৰদান থমকি ৰোৱা নাই
আৰু নৰয়াে ।

দেশ -মহাদেশৰ বাণিজ্য একেই,
শিক্ষা একেই,
তোমাৰ  দেশ
আমাৰ দেশ বুলি

ভাগ কৰিব পাৰিছা জানো ?
সকলোৱে সকলোতে
খােজ দিবই লাগিব 
আৰু দি আছাে ।

দেশ মহাদেশক 
পৃথিৱীবাসী ভাগ নকৰিবা
সুখেৰে থাকিলে
সকলো সুখেৰে থাকিব।

মৰিলেও
সকলোৱেই একেলগেই মৰিব লাগিব ।
মিছাতে- সাগৰে বিভাজিত কৰিছে 
পৃথিৱীৰ মহাদেশবােৰ ।

বুজিৱা কেতিয়া পৃথিৱীবাসী 
আমি একেই পৃথিৱীৰ বাসিন্দা
একেই তেজ
একেই দেহেৰে 
গঢ়া তেজ মঙহৰ মানুহ ।

এতিয়া  দানৱৰূপী মানৱৰ কৰ্মই
পৃথিৱীৰ অসুখ মাতিলে
স্তব্ধ হৈ গ'ল - জনজীৱন
স্তব্ধ হৈ গ'ল -অৰ্থােপাৰ্জ্জন
স্তব্ধ হৈ গ'ল - শিক্ষা
থিতাতে মৃত্যুৰে 
দেশ মহাদেশৰ  উন্নতিক
পিচুৱাই দিলে ।

পৃথিৱীৰ অসুখ মাতি
ৰঙ চাইছ !
পৃথিৱীৰ দুৰ্ভােগ দেখিছ জানো
আলিয়ে গলিয়ে !!
পৃথিৱীৰ হাহাকাৰ
মৃত্যু কাতৰ চিঞঁৰ - 
প্ৰতিদিনেই মানুহৰ মৃত্যু মাতি আনিলি
ছিঃ তোক ধিক্কাৰ দিওঁ
তােৰ চিন্তাক !!
আজি পৃথিৱী দুখত ম্ৰিয়মান 
এতিয়া পৃথিৱীৰ অসুখ !!

📝  মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)