অসমীয়া সাহিত্যৰ চানেকি মোৰ অনুভৱ

Rinku Rajowar
0
সুখৰ কথা যে অসমীয়া আলোচনী জগতত অসমীয়া সাহিত্যৰ চানেকি নামৰ এখন নতুন দৈনিক ই আলোচনী সংযোজন ঘটিছে। জানিবলৈ পাই মই সুখী অনুভৱ কৰিছোঁ যে ৰিন্টু কুৰ্মী আৰু তেওঁৰ কেইজনমান সহযোগী ৰ নেতৃত্বত এই আলোচনী খনে জীবনযাত্রা ৰ পাতনি মেলিছে। ধন্যবাদ থাকিল ৰিন্টু কুৰ্মী আৰু তোমাৰ সহযোগী সদস্য সকললৈ। ভৱিষ্যতে আৰু ভাল ভাল কাম কৰি যোৱা। বৰ্তমান  সময়ত এই ই আলোচনী খনে ৰাইজৰ স্বাৰ্থত, ৰাইজৰ সৈতে, ৰাইজৰ প্ৰতিভা বিকাশৰ অন্যতম মঞ্চ হিচাপে থিয় দিছে।
নতুন প্ৰজন্মক নতুনত্বৰ বাটেৰে এখোঁজ আগুৱাই যোৱাত  উৎসাহিত কৰিছে।
সংগীত চৰ্চা ,অংকন,কাব্য চৰ্চা,মডেলিং কৰা,সুপ্তপ্ৰতিভা বোৰক আগুৱাই নিয়াৰ লগতে পৰিবেশনৰ সুবিধা কৰি দিছে।বৰ্তমান সমাজৰ সামাজিক তথা সাংস্কৃতিক বিশ্লেষণ কৰাৰ এক সুন্দৰ মঞ্চ তৈয়াৰ কৰিছে অসমীয়া সাহিত্যৰ চানেকি দৈনিক ই আলোচনী খনে। লহপহকৈ উঠি অহা এই আলোচনী খনৰ জয় যাত্রা  অনাগত দিনত অব্যাহত থাকক। নতুন নতুন শিতানৰ জৰিয়তে সমাজ তথা ৰাইজৰ হৃদয় জয় কৰক।
জয় অসমীয়া সাহিত্যৰ চানেকি 

প্ৰান্তত
তুলিকা দাস
কন্ঠশিল্পী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)