জীৱনৰ সংশয়

©Admin
0
হিংসা, দ্বেষ,
আক্ৰােশ, প্ৰতিশােধৰ
কিবা কাম আছেনে (?) ,
যদিহে - হৃদযন্ত্ৰৰ
ধপ-ধপনিয়েই নাথাকে ॥

এতিয়া সময়
জীৱন বচোৱাৰ ।
ধন - ঐশৰ্য্য
মান -অভিমান
আজি তুচ্ছ ।
কলিজাতো জীয়াই 
ৰখাৰ চিন্তা কৰ ।

কলিজাতো 
জীয়াই থাকিলেহে,
পাছত সকলো আহিব,
হোৰাহোৰে....... !!

কাল সময়ে
কেতিয়া মষিমুহ কৰিব
কোনেওঁ ক'ব নোৱাৰে ।
প্ৰতি প'লে প'লে 
জীৱনৰ সংশয় ।

কালৰূপ ধৰি
আহি আছে কৰােণা
কেতিয়া লৈ যাব 
প্ৰাণ বায়ু ক'ব নোৱাৰি ॥

📝মীনা পামে গাম 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)