সচেতনতা বাৰ্তা - কৰ'না ভাইৰাছ

©Admin
0

কৰ'না ভাইৰাছ  এক মহামাৰী বুলি ইতিমধ্যে আমি অবগত হৈছো কিন্ত এই ভাইৰাছ ৰ বিষয়ে মিডিয়া তথা চচিয়েল মিডিয়া এওঁলোকে নিজে লাভান্বিত হোৱাৰ মনোবৃত্তিৰে 

ভূল প্ৰচাৰ কৰা দেখা গৈছে যাৰ ফলত জনজীৱন বিষম ভয়ৰ বলি হৈছে ৷ তাৰে দুট ঘটনা হৈছে -

১/ পৃথিৱী ধ্বংস হব গতিকে আমি দল সমদল লৈ ঢাক , ঢোল লৈ কিৰ্তন পূজা পাতল কৰিব লাগে সেইয়া ই নহয় পণ্ডিত পূজাৰী সকলে এই প্ৰচাৰ কৰিছে যে কলি যুগৰ অন্ত পৰিব কল্কি অৱতাৰ হব ধৰ্ম প্ৰতিস্থা কৰিব সেইবাবে কৰ'না ভাইৰাছ এটা ইশ্বৰৰ প্ৰকোপ , ইয়াৰপৰা যদি ৰক্ষা

পাবলৈ বিচাৰে তেন্তে পূজা অৰ্চনা কৰক , পণ্ডিতক যিমান পাৰে দানদক্ষিণা দিয়ক এইয়াই বচাৰ একমাত্ৰ উপাই এনেধৰণৰ অন্ধবিশ্বাসৰ প্ৰচাৰ চলাই আছে ৷

যোৱা ২২/০৩/২০২০ তাৰিখে  জনতা সান্ধ্য আইন জাৰি কৰা হৈছিল তেনে ক্ষেত্ৰত সিদিনাখন সন্ধিয়া পাঁচ বজাৰ

লগেলগে জনসাধাৰণ ঢাক , ঢোল লৈ ৰাজপথত ওলাই

যায় আৰু বিচিত্ৰ ধৰণৰ কাৰ্যকাণ্ড কৰে যেনে কৰ'না মুৰদাবাদ ধ্বনি দি ঢাক , ঢোল বজাই ৷ 

২/ আজি ৰাতিপুৱাৰপৰা মানুহৰ মাজত ৰাতিৰ ভিতৰতে

কোনোবাই এটা ভুৱা বাতৰিৰ প্ৰচাৰ কৰে যে ছোৱালী এজনী প্ৰকট হৈছে যিয়ে দেখিব তাক কেতিয়াও কৰ'না ভাইৰাছ নহব আৰু ঘৰত বিচনা পত্ৰত পানী ছটিয়াব লাগে ঘৰত পূজা অৰ্চনা কৰিব লাগে যদি এনে নকৰে তেন্তে পৃথিৱী ধ্বংস হোৱাটো কোনেও ৰক্ষা কৰিব নোৱাৰে ৷

এনেধৰণৰ আৰু ক'ত কি যে ভুৱা প্ৰচাৰ চলিছে যাৰ ফলত

সাধাৰণ ৰাইজ অতি বেছি ভয় খাইছে ৷

এতিয়া প্ৰশ্ন হ'ল এনেধৰণৰ মিথ্যা প্ৰচাৰ কোনে চলাইছে জনসংযোগ মাধ্যম নে অন্য কোনোবাই ইমান বিষম পৰিস্থিতিত এনেধৰণৰ প্ৰচাৰ কৰি সস্তীয়া জনপ্ৰিয়তা আৰু টকা ঘটা এই দুয়োটাই জঘন্য অপৰাধ যিসকলে এইবোৰৰ লগত জৰিত আছে সেইসকল লোক মানৱতাৰ

সীমা চেৰাই গৈছে গতিকে আমাৰ সাধাৰণ জনতাক সুপথ

দেখোৱা আৰু সান্তনা দিয়া অতি আবশ্যক এই ক্ষেত্ৰত আপুনিও সহায়ৰ হাত আগবঢ়াব পাৰে আপোনাৰ চুবুৰীয়া মানুহখিনিক সজাগ সচেতন হৈ থাকি ভয় নাখাবলৈ কব পাৰে লগতে ভুৱা বাতৰি আৰু অন্ধ বিশ্বাসত ভুল নাযাবলৈ

কব পাৰে ৷

এই সংকটময় সময়ত সকলোৱে নিজৰ বিবেক বুদ্ধিৰে কাম লোৱা উচিত আৰু চৰকাৰী নিৰ্দেশনা মতে নিজকে

পৰিষ্কাৰ পৰিছন্ন হোৱাৰ লগতে জন সমাগমৰ পৰা বিৰত থকাটো বাঞ্ছনীয় ৷

এই সচেতনতাৰ বাৰ্তাটি আপুনি সকলোলৈ প্ৰেৰণ কৰক

সচেতন থাকক কৰ'নাৰ পৰা বাচি থাকিব ৷


📝 দুলাল ৰবিদাস 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)