শুভেচ্ছাবাণী

©Admin
0
সুখৰ কথা যে অসমীয়া সাহিত্যৰ চানেকি নামেৰে এখন ই আলোচনী জন্ম দিলে | 
কেবাটাও শিতানেৰে সমৃদ্ধ হৈ সমাজ জীৱনত সৃষ্টিৰ পাতনিৰ ব্যৱস্থাৰে দৈনিক অসমীয়া ই - আলোচনীখনে গতি কৰিছে। এনেকুৱা ধৰণৰ 
অসমীয়া সাহিত্যৰ চানেকি ই আলোচনী খন নতুন প্ৰজন্মৰ সহায়ক হ'ব।আশা কৰিছো যোগ্য লোকৰ অৱদানেৰে ই - আলোচনীখন সুন্দৰ হব।

ইতিমধ্যে আলোচনীখন কবিতা, গল্প, ৰসৰচনা, প্ৰৱন্ধ, উপন্যাস আদি ভিন্ন স্বাদৰ ৰচনাৰে সমৃদ্ধ হোৱাকৈ সজাবলৈ প্ৰয়াস কৰিছে | 
আজিৰ সময়ত ই আলোচনী অসমৰ সৃষ্টিৰ প্ৰধান উৎস যাৰ জৰিয়তে সকলো ব্যক্তি  প্ৰেৰণাৰ তুলিকাৰে আঁকিব পাৰে সমাজ হৃদয়ৰ ছবি।

ৰিন্টু কুৰ্মী আৰু লগৰকেইজন মানৰ তত্বাৱধানত সৃষ্টি হোৱা দৈনিক অসমীয়া ই -আলোচনী খন অনাগত দিনবোৰত সুন্দৰ, সাৰ্থক , উপভোগ্য কৰি তুলিব পাৰিব আৰু সেয়ায়ে হ'ব এই দৈনিক অসমীয়া ই -আলোচনী খনৰ চৰম সাৰ্থকতা।
দৈনিক অসমীয়া " ই - আলোচনীখন"লৈ আন্তৰিক শুভেচ্ছা যাচিলো।


 📝 কবি, লেখিকা
       মনীষা শৰ্মা
       জালুকবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)