মই যাৱ নোৱাৰিলোঁ অ' মা
সময়বোৰে প্ৰতাৰণা কৰিলে মোক ,
আৰু মোৰ ভাৱনাবোৰকো।
যাম যাম বুলি ভাবোতেই গ'ল
যোৱা নহ'ল অ' মা… মোৰ।
ইয়াত এতিয়া…
প্ৰৱজনকাৰী চৰাইটোয়ে
কুটি খাইছে মানুহ ।
চকুলোৰে কঁৰাল বন্ধিছে
আতংকিত মানুহবোৰৰ শুকান মুখ।
বতাহত ভাঁহি আহে
আপোনজনক হেৰুৱাৰ কৰুণ সুৰ।
নিস্তব্ধ চহৰ, নিস্তব্ধ নগৰ,
শূন্য এতিয়া সদাব্যস্ত ৰাজপথ
প্ৰতিটো আলি-গলি
প্ৰতিটো উপ-পথ।
মৃত্যু এতিয়া তেনেই সহজ
লহ্-লহ্ জিভা মেলি
পিশাচৰ অতৃপ্ত কিৰিলি
বন্ধ কোঠালিতো শুনো
অতৃপ্ত আত্মাৰ কৰুণ বিননি।
নেযায় দিন নেযায় ৰাতি
জয়াল ৰাতি ভয়াল দিন
আছো কোনোমতে বাচি।
ভাঁটিয়ালী ৰাগ এটা ভাঁহি আহে
ৰাতি ৰাতি,
কুশলে আছো আজি…
কালিলৈ কিহয় কেনেকৈনো জানিবি ৷
কুটি খোৱা চৰাইটো
লাহে লাহে আহিছে ওচৰ চাপি।
বৰকৈ নুফুৰিবি ওলায় সোমায়
নেথাকিবি পদূলিলৈ চায়।
মন মাৰি নেথাকিবি,
দুঃচিন্তা নকৰিবি।
আৰ্শীবাদ কৰিবি ,থাকিবলে কুশলে
ভালে থাকিলে লগ পাম দে
অহা বহাগৰ প্ৰথমটো দিনতে ।
📝প্ৰবিন দত্ত / শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ