ৰুণজুন-(খণ্ড-৪)

©Admin
0
ৰুণজুন ক্লাচৰ পৰা ওলাই আহিল আৰু ক্লাচমেট  পল্লৱীৰ লগত কেন্টিনত চাই খাই আছিল।আকৌ যাব লাগিব, বেনাৰ্জী চাৰৰ ক্লাচতাে মিচ কৰিব নােৱাৰি । আজি আকৌ ইউনিভাৰচিটিৰ অদিটৰিয়ামত ফাংচনো আছে ।  অলকা য়াগনিক আৰু আশা ভােজলে অহা কথা আছে । ক্লাচ কৰি উঠি   হােষ্টেল পাবগৈ লাগিব আৰু হােষ্টেললৈ বুলি বাট ল'ব ধৰােতেই ৰিহণ ওলালেহি । ৰিহণে সুধিলে চাহ খাবা নেকি ?  ৰুণে কলে আমি দুয়ােজনীয়ে খালাে ।  অ' হয় নেকি । 
ৰিহণ : এতিয়া কােনফালে যোৱা ?
ৰুণ : হােষ্টেললৈ।
ৰিহণৰ ৰুণৰ লগত অলপ থাকিবৰ মন আছিল । এতিয়া ক'বও নােৱাৰে ।
ৰিহণে সুধিলে ," আৰু নাহা নেকি?"।
ৰুণে ক'লে সন্ধিয়াৰ ফাংচনত আহিম ।
ৰিহণ : কেই বজাত ?
ৰুণ : ৭ বজাৰ পিছত ।
ৰিহণে অ হয় নেকি । লগ পাম পাছত বুলি দুয়াে এৰা এৰি হ'ল ।
ৰুণে গৈ হােষ্টেলত জিৰাই ললে ।  পল্লৱী আৰু ৰুণে সন্ধ্যা ৬.৩০ বজাত ওলায়  আহি ফাষ্টফুডৰ দােকানত সােমাল আৰু কফি খাই উঠি অদিটৰিয়ামলৈ আহিল ।
লাহে লাহে সন্ধিয়াৰ cultural show ৰ বাবে মানুহ আহি ভৰ্তি হ'ল। গােটেই অদিটৰিয়াম ইউনিভাৰচিটিৰ ছাত্ৰ -ছাত্ৰীৰে ভৰা । ৰিহণ গ'ল ৰুণৰ ওচৰলৈ-তাইক মাতি আনিলে  আৰু দুয়াে ওলাই আহিল,  আহি ওচৰৰে ষ্টৰত  কল্ড ড্ৰিংকচ খালে । 
ৰিহণ : আৰু কিবা খাবা ?
ভােক লগা নাই ।
ৰুণ: অলপ অলপ  লাগিছে।
ৰিহণ : ব'লা ৰেষ্টুৰালৈকে যাও । তাতে কিবা খাই ল'বা । 
ৰুণ : পল্লৱী থাকিল নহয় ।
ৰিহণ : তাই থাকক দিয়া ।
(তাই লগত থাকিলে ৰিহণে ফ্ৰি অনুভৱ নকৰে )। 
দুইজনে ৰেষ্টুৰাতে কিবা অলপ খাই ল'লে । কিমান সময় বহিলে ক'বই নােৱাৰে । সিফালে অদিটৰিয়ামৰ পৰা  গায়িকাৰ গান ভাহি আহিল । ফাংচন ক'ত আৰু চােৱা হয় ।  আগতে লকেল আৰ্টিচ বিলাকে গান গাইছে, পাছতহে ফেমাচ আৰ্টিচে গান গাব । লাহে লাহে দুয়াে অদিটৰিয়ামৰ ফালে খােজ ল'লে আৰু শেষৰ ফালৰ চকীত বহি ল'লে । পল্লৱীৰ কথা ৰুণে বহুত সময় পাহৰিয়েই আছিল , তাৰ পিছত ক'লে মােক পল্লৱীয়ে বেয়াই পাব কিজানি ।  ৰিহণ মনে মনে থাকিল । তাৰ এই নীবিড় মূহুৰ্ততো এৰিবলৈ অকণাে মন যােৱা নাছিল । যিমান পাৰে ৰুণৰ কাষতেই বাহুত বাহু লগাই বহিল । সিহঁত দুয়ােৰে বাবে ফাংচনৰ গান গৌণ হৈ ৰ'ল । পূৰাদমে আশা  ভােজলেৰ গান চলি আছে , মানুহৰ হাত -চাপৰি, হৰ্ষ -উল্লাসৰ মাজেৰে অদিটৰিয়াম মুখৰিত হৈ আছিল । তেওঁলােক দুয়ােৱে - দুয়ােৰ পৃথিবীত আছিল । তেতিয়া প্ৰায় ১ টা বাজিছিল লাহে লাহে  বিখ্যাত গায়ক -গায়িকাৰ গান প্ৰায় শেষ হওঁ হওঁ, তেনে অৱস্থাত  ৰুণে ক'লে মােক হােষ্টেলত থৈ আহা , এতিয়া পল্লৱীক বিছাৰি পোৱাতো দিগদাৰ হ'ব, ইমান মানুহ । দুয়াে লাহে লাহে গৈ হােষ্টেল পালেগৈ, অলপ পােহৰ -অলপ এন্ধাৰৰ মাজে মাজে ।  দুয়াে - দুয়ােকে এৰিব বিছৰা নাছিল । ৰিহণে এন্ধাৰৰ সুযােগ লৈ ৰুণক তপকৈ চুমা খালে - ৰুণে তৎকে ধৰিব নােৱাৰিলে । ৰিহণক বিদায় দিলে আৰু দি উঠি তাৰ তপত চুমা মনত পেলায় ৰুম কেতিয়া পাইছিল তাই গমেই নেপাইছিল । সেইৰাতি  তাইৰ মনতাে  ভাল লাগি থাকিল।
আগলৈ

📝মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)