পাগলী

Rinku Rajowar
0

হয় হয় তাই পাগলী- - - - - 
তাই যাক ভালপায় হৃদয়খন উবুৰিয়াই দিয়ে
মৰম দিব তাইও জানে- - - - - !!
প্ৰেমত পৰিবও জানে
জানে তাইও এসাগৰ মৰমেৰে হৃদয় ভৰাব।
কিন্তু তাই নাজানে সেই ভালপোৱা জনীক
যে সকলোৱে এদিন প্ৰতাৰণা কৰিব ।
এজন হৃদয়বান প্ৰেমিক তাইৰ কাম্য 
বিচাৰি চলাথ কৰে সেয়ে 
তাইৰ দুনয়নেৰে - - - - - !!
সুবিধা পালে হৃদয়খন উবুৰিয়াই দি
দুখবোৰো ভগাই লব খুজে
কিন্তু- - - - 
কিন্তু সময়ে একোকে নুবুজে ।
এডিঙি পানীত  সাতুৰি সাতুৰি ভাগৰি 
নিসংগতাৰ পঁজা সাজে - - - - - 
উকা হৃদয়ৰ পাতত সংগোপনে লিখি
আপোনজনৰ নাম ।
এজোপা নিথৰ নাহৰ হৈ মাথো ৰৈ থাকে
বসন্ত অহালৈ - - - - 
হয়তো নিদিয়ে কোনোদিনে বসন্তই
শুকান পাতত সেউজ সজীৱতা ।

📝 ৰুমী কলিতা দত্ত 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)