এজাক ধুমুহা।
নি:শব্দে শেল মাৰি ধৰিছিল,
মোৰ বুকুত,।
কাতৰ বিননি শুনিব কোনে?
নাৰীত্ব হেৰুৱাই চিৎকাৰ মনোহৃদয়ৰ;
দানৱৰুপী এজাক
মানৱৰ গোপন মিতিৰালি সুৰাৰ সৈতে।
নাৰীৰ দেহা হয় সিহঁতৰ
উপভোগ ৰ সামগ্ৰী।
নাৰীৰ প্ৰতি লোলুপ দৃষ্টি।
হাজাৰ অনুৰোধক
উফৰাই;নিৰ্মমভাৱে কৰে অত্যাচাৰ
দেৱীতূল্য নাৰী গৰাকীৰ সুকোমল দেহত।
মৰুভূমিৰ বালিত পোত যোৱা যেন মই মৃতদেহ।
এনে হাজাৰ; নাৰীয়ে সপোন ৰচিও
দিঠকৰ বুকুত উমলাবলৈ নাপালে সুযোগ;
জীৱন্তে হল সমাধিস্থ
হল সিহঁত আৰু সিহঁতৰ
সোণাৰুবুলীয়া সপোন;জন্ম হল দানৱৰ
মৃত্যু হল মানৱীয়তাৰ।
📝ৰশ্মি তামুলী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ