আইৰ আঁচলৰ আঁৰত মই

©Admin
0
লভিলো  জন্ম আই তোমাৰ গৰ্ভত 
জীৱনৰ প্ৰথম পুৱাত 
তোমাৰ কোলাৰপৰাই চকু মেলিদেখা পালো সাতোৰঙেৰে ভৰা সেউজীয়া পৃথিৱীখন।
কৰিলা লালন-পালন অতি কষ্টৰে 
ভৰিত ভৰি থৈ এখোজ দুখোজকৈ খোজকাঢ়ি বলৈ শিকালা তুমি
নৰিয়াত দুখ পাম বুলি 
ধৰি লৈছিলা তুমি মোক  দুবাহুৰ মাজত ।
ইতিহাসৰ পৃষ্ঠাত লিখি থোৱা
স্বৰ বৰ্ণ ব্যজ্ঞণ বৰ্ণ শব্দ বিলাক
কৰালা তুমিয়েই প্রথম পৰিচয়
মনৰ জোখৰে দিলা তুমি মোক আই 
হৃদয়ৰ প্ৰতিটো কোণত 
সকলো সুখেৰে উপচাই। 
নামঘৰ,মন্দিৰ  ঠাইত ভগৱান ৰূপে 
তুমিয়েই ঈশ্বৰ ,তুমিয়েই জন্মদাতৃ
আই তুমি মোক দিলা আশীৰ্বাদ 
চিৰযুগমীয়া সাক্ষী হৈ ৰ'ম 
তোমাৰ মিঠা মৰম আৰু সাহস লৈ 
আই তোমাৰ আঁচলৰ আঁৰত।


 📝 কাশ্মীৰী মানকী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)