বেবেৰিবাং

©Admin
0
নগেন ঘৰৰ পৰা বহু দূৰৰ বৰ ভিতৰুৱা অচিন ঠাই এখনলৈ যাব লগা হ'ল । ঘাই আলিত নিৰ্দিষ্ট ঠাইত বাচৰ পৰা নামি ভিতৰুৱা ঠাইখনলৈ যাবলৈ একো গাড়ী মটৰ নাপাই খোজ কাঢ়িয়েই যাত্ৰা আৰম্ভ কৰিলে । এঘন্টামান যোৱাৰ পিছত ভোকে পিয়াহ উপায় নাপাই বাটৰ কাষৰ এঘৰত সোমাল । চোতালত বুঢ়া মানুহ এজনে বাঁহ বেতেৰে খৰাহী সাজি আছিল । পানী-দুনী খাই ভাগৰ পলুৱাই বুঢ়াজনক সুধিলে- দেউতা ! ইয়াৰ পৰা মেহু চাপৰিলৈ কিমান দূৰ হ'ব ?
বোপাই ! আগেয়ে ছয় কিলোমিটাৰ আছিল । এতিয়া পিছে মাত্ৰ পাঁচ কিলোমিটাৰহে  হ'ল -  বুঢ়াই  উত্তৰ দিলে ।
নগেন- পিছে কেনেকৈ হ'লনো ? কিবা চুটি বাট উলিয়ালে নেকি ?
বুঢ়া- ৰাস্তাৰ কাষৰ কিলোমিটাৰৰ খুটা এটা কোনোবাই চুৰ কৰি লৈ গ'ল ।

  📝 সৌৰভ কুমাৰ বৰুৱা
         উঃ লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)