ৰোল বদল

Rinku Rajowar
0
পতানবোৰে ধানৰ ভাও জোৰাৰ কাহিনী পুৰণি। 
এতেকে ধানবোৰে এতিয়া ওৰণি লৈ পতান হবলৈ মন মেলিছে।
বিধান হোৱাৰ পৰা সাৰি থকাৰ আয়োজন।
জয় বোলা জয় গোবিন্দ নাৰায়ণ।

স্কুলত শিং ভাঙি দমৰা সোমোৱাৰ দিন আহিল।
ছাতৰক দাবি ধমকিৰে ত্ৰ্যস্ত কৰি হেডমাষ্টৰে স্কুলত নাম লিখাইছে।
প্ৰমোচনৰ জখলাৰে বগুৱা বাই হেনো চেঞ্চেলৰ হোৱাৰ মন।
জয় বোলা জয় গোবিন্দ নাৰায়ণ।

ৰঙ্গমঞ্চত নৱ নাটকৰ এইবাৰ হব পাতনি।
নিৰ্দেশকৰ হাতৰ পুতলা হবলৈ অভিনেতাৰ কতনা খাটনি।
আঁৰকাপোৰৰ অন্তৰালত নতুন অভিনয়ৰ আয়োজন।
জয় বোলা জয় গোবিন্দ নাৰায়ণ।

নিয়ম নীতিক কৰিলে গোপনীয় চিঠি।
বহতীয়াৰে কৰালে মানৱাত্মাৰ নাগুৰ নাকতি।
আইনৰ পৰিভাষাৰ আৰু কিমান যে হব ৰচন।
জয় বোলা জয় গোবিন্দ নাৰায়ণ।

কাঁইটেৰে বিন্ধি কণা বিধিৰ কত যে সিন্ধি।
কুসুমেৰে কণ্টকৰ ভাঙিব সকলো অভিসন্ধি।  
প্ৰেমৰ গোলাপৰ সুৰভিৰে ভৰিব এতিয়া ভুৱন।
জয় বলা জয় গোবিন্দ নাৰায়ণ।

 📝জ্যোতিষ


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)