তুমি কি কৰিলা ?
তোমাৰ হিয়া জোৰা দিয়া কৰ্ম
তুমি দেখােন সম্পৰ্কই ছিঙি দিলা ৷
আশাৰ নৈ বৈছিল মনত
তুমি দেখােন নদীয়ে শুকাই দিলা
তোমাক কিয় জন্ম দিয়া হৈছিল ?
তোমাৰ কি উদ্দেশ্য আছিল ?
তুমি দেখােন আমাকেই
উদ্দেশ্যহীন কৰি দিলা ৷
এতিয়া কোনেও নুশুনে
নৱজাতকৰ কান্দোন
প্ৰত্যেকে প্ৰত্যেকক
দেখােৱাবলৈ চলাই প্ৰস্তুতি ৷
সেই কণমানি হাতক
স্পৰ্শ কৰিবলৈ কাৰোৱেই
আজৰি নাই আজি
কিন্ত তোমাক স্পৰ্শ কৰিবলৈ
আজি বলিয়া জগতখনি ৷
কিনো যাদু আছে
তোমাৰ ৰূপত
তুমি কি বাণ মাৰিলা
তোমাৰে সৈতে মগ্ন মানৱ ৷
তোমাক কিয় জন্ম দিয়া হৈছিল ?
তুমি কি কৰি এৰিলা জগতক ?
প্ৰেমৰ চিঠি হ'ল পুৰণি
মৰমৰ মাতষাৰো হেৰাল কেনি
একেখন বিছনাত শুইও
বাঢ়িল অসীম দূৰত্ব ৷
হিয়া দুখন মিলিও
মৰম ৰসহীন হৃদয়
তুমি দুই হিয়াৰ মাজত
ৰঙচুৱা পৰ্দা সৃষ্টি কৰিলা ৷
তোমাক কিয় জন্ম দিয়া হৈছিল
তুমি সকলো ভ্ৰষ্ট কৰি দিলা
এতিয়া কোনেও কাৰো নুশুনে
নাই কোনেও কাকো কয়
য'ত সুখ দুখৰ কথা পতাৰ প্ৰয়োজন
তাত মূৰ তল কৰি ব্যস্ত থাকে ৷
এতিয়া ঘৰৰ কথা পাতে
নাই বাহিৰৰ কথা পাতে
চহৰৰ কথা পাতে নাই
গাঁৱৰ কথা পাতে ৷
বৃহৎ দলৰ সৃষ্টি কৰি দিলা
কিন্ত পৰিয়াল ক্ষুদ্ৰ কৰি দিলা
তোমাক কিয় জন্ম দিয়া হৈছিল ?
তুমি কি কৰি দিলা ?
কি কি কৰিব পৰা
ক্ষমতা আছিল আমাৰ
ভৱা শক্তিকে নষ্ট কৰি দিলা
জীৱনক নিষ্ক্ৰিয় কৰি পেলালা ৷
তোমাৰ মোহত অলিয়া বলিয়া
শিশু ডেকা বুঢ়া
নিসংগ বন্ধ কোঠাৰ
শব্দ বিহীন পখী মানৱ ৷
তোমাক কিয় জন্ম দিয়া হৈছিল ?
তোমাৰ ধৰ্ম কি আছিল ?
তুমি কি নিচা লগালা
আমি থাকিবই নোৱাৰো
তোমাৰ অবিহনে ৷
তোমাৰ নো কি ভুল আছে
তুমিতো নিমাত নিষ্প্ৰাণ
ইয়াত আমাৰেই ভুল আছে
কি কম মন আৰু হাতত
আমাৰ নাই নিয়ন্ত্ৰণ ৷
নিজৰ জ্বলাোৱা জুইত
আমি নিজেকে দহাইছো
তোমাৰ ৰূপত নিজে মোহ গৈ
তোমাৰ প্ৰেমত হ'লো পগলা ৷
আমি কিয় তোমাক জন্ম দিলো
এয়া আমি কি ভুল কৰিলো
তোমাৰ সৈতে বন্ধুত্ব গঢ়ি
প্ৰকৃতিৰ সৈতে শত্ৰুতা গঢ়িলো ৷
📝 কবি- দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ