টাং গুটী

©Admin
0
 ল'ৰালিৰ চখ আছিল
পঢ়াশালীৰ পৰা উভতি
সমনীয়াৰ সতে
টাংগুটী খেলিছিলো  ৷

পিতাইৰ চেকনীৰ কোবত
ভৰিৰ পিট ফাটিছিল  ৷

মোৰ চকুলো সৰে
আজিৰ ল'ৰালিৰ দেখি
যন্ত্ৰ সজাৰ চক্ৰবেহুত
কেনেকৈ হেৰাইছে ল'ৰালি  ৷

আমি মুক্ত পক্ষী আছিলো
আজিৰ ল'ৰালি
পিঞ্জৰাত বন্দী  ৷

তাকে দেখি
পিতাইৰ চকুলো সৰে
মোৰো সৰে দোভাগ ৰাতি  ৷

 📝হেমেন হাজৰিকা মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)