অবুজন প্ৰেম

Rinku Rajowar
0

মনত পৰে কেতিয়াবা ডবাপিটা বৰষুণৰ ৰাতি…….

তাহানি দিনত দিয়া তোমাৰ প্ৰেমৰ প্ৰস্তাৱ

বাৰম্বাৰ তোমাৰ প্ৰেমৰ প্ৰস্তাৱক কৰা প্ৰত্যাখান,

নজনাকৈয়ে এদিন তোমাৰ প্ৰেমত পৰা

তোমাৰ প্ৰেমৰ প্ৰস্তাৱক অতি আদৰেৰে গ্ৰহণ কৰা

তুমিয়েই প্ৰথম হৃদয়ত প্ৰেমৰ সেউজীয়া বীজ সিচাঁ

বাৰিষাৰ ডবাপিটা বৰষুণত আমি দুয়ো তিতাঁ।


তুমি যে মোক এদিন কৈছিলা:-

“তোমাৰ হৃদয়েই মোৰ নীড়

কলৈকো নাযায় এৰি তোমাৰ এই কাঙাল প্ৰেমী

জীৱন যাত্ৰাৰ তুমিয়েই মাথো মোৰ জীৱন সংগীনী।“


কিন্তু আজি…..?

আজি মই নিসংগ, নাই কোনো প্ৰেমী, নাই কোনো সংগী

মইতো তোমাক চিৰ-জীৱনৰ বাবে হৃদয়ৰ দুৱাৰ খোলি

নতুন অতিথিৰ দৰে স্বাগতম জনাইছিলো,

তোমাক চাগৈ মোৰ কোমল হৃদয়ৰ নীড় নালাগে

লাগে তোমাক তাজমহল,  কিন্তু মইতো নহয় তাৰ্জাহাল

তোমাৰ বাবে প্ৰেমৰ অভিনৱ তাজমহল সজাঁই দিবলৈ

নালাগে তোমাৰ মিথ্যা প্ৰেম, মিথ্যা আশা

যি প্ৰেমৰ নাই বিশ্বাস, নাই সন্মান

 আছে মাথো স্বাৰ্থপৰ, প্ৰেমৰ নামত ঘোৰ কলংক।


সেয়ে মোৰ শেষ প্ৰাৰ্থনা:- কেতিয়াও কাৰো প্ৰেমত নপৰো

আহিছে বহুত বিবাহৰ প্ৰস্তাৱ, বিবাহৰ প্ৰস্তাৱক গ্ৰহণ কৰি

চিৰ-জীৱন অচিনাকী সংগৰ লগত 

অভিনৱ ৰঙীণ সপোন ৰচিব পাৰিম,

যদি জীৱন যাত্ৰাত সংগীয়ে বুজি পায় তেন্তে-

কেতিয়াও তোমাৰ দৰে পবিত্ৰ প্ৰেমক তিৰস্কাৰ নকৰে

নাইবা সম্পূৰ্ণ তোমাৰ নিচিনা হয় তেন্তে-

এটাই কথা ভাবি মনটোক সান্তনা দিম

“পোহনীয়া জন্তু যিমান দূৰলৈকে চৰিবলৈ নাযাওঁক কিয়

গধূলি বেলাত নিজৰ চিনাকী পুৰণি নীড়লৈকে ঘূৰি আহিবই।“

  📝 শিৱাংগী                             



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)