সন্ধান

©Admin
0
দুয়োপাৰে কেৱল ঢৌখেলা
হালধীয়া আৰু সেউজীয়াৰ
বিস্তীৰ্ণ মখমলীয়া চাদৰ ।
অকোৱা-পকোৱা ওখোৰা-মোখোৰা
ধূলিয়ৰী বাটেৰে
অকলশৰে আগবাঢ়িছো
সৌ গাওঁখনিলৈ ।

প্ৰতিটো খোজৰ
স্পৰ্শৰ সুখানুভূতিত
ধূলি আৰু প্ৰস্তৰখণ্ডৰ
মিঠা মিঠা চুমা
যেন অতীতলৈহে মোৰ যাত্ৰা ।

লাহে লাহে আগবাঢ়িছো-
হঠাৎ মোৰ সমস্ত অনুভূতি
থমকি ৰ'ল-
নিতাল-নিস্তব্ধ লেখমাত্ৰ ঢৌহীন
যেন এটা ফটফটীয়া পানীৰ হ্রদ
প্ৰতিবিম্বিত তাত 
প্ৰাপ্তি অপ্ৰাপ্তিৰ হিচাব ।

ঘূৰ্ণি বতাহে টচনচ কৰা
মোৰ শৰীৰৰ মুধচ ।
জীৱনৰ উদ্দেশ্যই বা কি ?
পুনৰ এখোজ দুখোজ-
গাঁৱৰ সিমূৰে বাটটো য'ত শেষ
তাতে থিয়হৈ সৌ চিনাকি
পাহাৰটোলৈ অপলক গহন দৃষ্টি ।

শিখৰত এতিয়া বৰফৰ চোলা
ৰ'দালিৰ মৰমত শুভ্ৰতাৰ চিকমিকনি
নামনিৰ ঢালত লঠঙা গছ আৰু
শুকান ঘাঁহৰ মাজত
এপাল ভেড়াৰ খাদ্য সন্ধান ।
বসন্তৰ আগমনত বৰফবোৰ
লাহে লাহে আঁতৰি গ'ল ।

সমস্ত পাহাৰ এতিয়া
সেউজীয়া ফাকুগুৰিৰ
এখন এঢলীয়া দলিছা
খৰা শিয়াল আৰু কাঞ্চনমতীহঁতৰ
হিয়া দিয়া-নিয়াৰ বাসন্তী উৎসৱ ।
আকাশ এতিয়া গোমা ।

পাহাৰত আউলি বাউলি 
বৰদৈচিলাৰ মমতাহীন
মোক্ষম আঘাত  ।
গৰ্ভৱতী আকাশৰ এতিয়া
মেঘমল্লাৰ ৰাগ
মুষলধাৰ বৰষুণ আৰু 
ব্ৰজপাতৰ সঘন নিৰ্মম প্ৰহাৰ ।
আকাশ এতিয়া মুকলি ।

কত আঁচোৰ, কত নিষ্ঠুৰতা
কত পৰিৱৰ্তন
তথাপি সি অলৰ-অচৰ ।
এৰা, পাহাৰটোলৈ  
মোৰ বৰ ঈৰ্ষা
তাৰ দৰে বীৰ্যবান নোহোৱাৰ দুখ ।

অনুভূতি ধৰা দিছে
তাতেই আছে মোৰ বাবে
এখন গোপন ঠাই
আলিবাবাৰ বিস্ময়কৰ
ৰত্নগুহাৰ দৰেই ।
জীৱনমুক্তিৰ সন্ধানত
তাত মই এতিয়া ধ্যানমগ্ন ।

 📝 সৌৰভ কুমাৰ বৰুৱা
     উঃ লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)