সৌ সিদিনালৈকে ••
সকলোৰে আছিল
এক ব্যস্ততাভৰা আৰু
কোলাহলময় জীৱন ।
কাৰোৰে ওচৰত সময় নাছিল
কাকো এষাৰ মাত দিয়াৰ
দুটা কথা পতাৰ ।
অজুহাত--কেৱল ব্যস্ততা ।
ঘড়ীৰ কাটাই নিৰূপণ কৰিছিল
আমাৰ জীৱনৰ গতি ।
আত্মসন্মান, আত্ম অহংকাৰেৰে
বিভূষিত সেই মই, মোৰ ভাববোৰ ।
কেৱল নিজৰ বাবেই জীয়াই থকাৰ
অহৰ্নিশ যি সংগ্ৰাম,
ইজনে সিজনক পিছ পেলাই
আগবাঢ়িবলৈকে কত যুদ্ধ,
হিংসা, ছলনা, হত্যা আৰু লুণ্ঠন ।
কিন্তু আমি কিয়
বাৰে বাৰে পাহৰিব খোজোঁ
যে এয়াই মাথোঁ জীৱন নহয় !
যিমানেই আমি নকৰোঁ কিয়
নিখুঁত পৰিকল্পনা,
জল্পনা কল্পনা,
আমাৰ প্ৰতিটো কথাই
নিৰীক্ষণ হয় বিধাতাৰ দ্বাৰা ।
উন্নতিৰ জখলাৰ চৰম সীমাত
উপবিষ্ট হৈও আজি কিয় অসহায়
বুদ্ধিমান, জীৱ শ্রেষ্ঠ মানৱ ??
মৃত্যুৰ বিভীষিকা আৰু কিৰিলেয়ে
মাতিছে অবিৰাম--
নাই কোনো উচ্চ-নীচ, জাতি- ধৰ্ম
আৰু সীমাৰ বান্ধোন,
যি মৃত্যু এতিয়া সহজলভ্য
আৰু সকলোৰে বাবে সমান ।
এতিয়াও বাৰু আমি শিকিছোঁ নে কিবা
প্ৰকৃতিয়ে দিয়া উচিত শিক্ষাৰ পৰা
হ'বনে আমাৰ আত্মশুদ্ধি,
নে পৰিস্থিতি স্বাভাৱিক হ'লেই--
পুনৰ আমি জঁপিয়াই পৰিম
একেই সংগ্ৰাম আৰু ব্যস্ততাৰ নদীত
এই বিষাদ ভৰা অভিজ্ঞতা
আৰু দু্ঃসময়ৰ স্মৃতি পাহৰি !!!
📝 ডঃ কুঞ্জলতা গগৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ