শাৰদীয় সন্ধিয়া স্নিগ্ধ আকাশৰ তলত শেৱালিৰ সুবাসে আমূলমুলাই থকা পৰিবেশ এটিৰ মাজতেই বহি আছিল অশ্ৰুস্মিতা ।অকলশৰীয়া মানুহ জনী ।তেওঁৰ ওচৰত শাৰী পাতি বহি আছিল বুকুবোৰ উদং কেইখন মান চকী ।মনত তেওঁৰ বিভিন্ন ভাবৰ দুলন ।এৰা,স্মৃতি গহ্বৰত হেৰাই যাব সুজিলেও ধূসৰ ভাবে মনলৈ নামি আহে নীৰৱতা ।ভাগি পৰে ভগা স্মৃতি ৰ টুকুৰা বোৰ বুকুত লৈ অশ্ৰুস্মিতা । বংশ ৰক্ষা আৰু ঘৰ বাৰীখনৰ উত্তৰাধিকাৰী হিচাপে এটি পুত্ৰ সন্তান ৰ কথা ভাবিছিল অশ্ৰু ৰ দেউতাক নিলকান্ত।কিন্তু তাৰ বিপৰীতে তেওঁলোকৰ মাজলৈ কন্যা সন্তান হিচাপে আহিল অশ্ৰুমিতা।নিলকান্ত সুখী নহল ।পুনৰ পুত্ৰ সন্তানৰ বাবে ঈশ্বৰ ৰ ওচৰত গোৱা পাণ আগবঢ়ালে ।কিন্ত দুৰ্ভাগ্যবশত সেইবাৰো লাভ কৰিলে ।এটি কন্যা শিশু ।তৃতীয় বাৰ দেৱী দুৰ্গা লৈ বুলি ছাগলী এটা আগবঢ়াই বেজৰ পৰা জৰিও ললে। সেইবাৰ কিন্তু দেৱী দুৰ্গা সন্তুষ্ট হল আৰু এটি পুত্ৰ সন্তান ৰ পিতৃ হল নিলকান্ত। নাম থলে দেৱৰাজ। দেউতাক ৰ হিয়াৰ আমঠু আছিল দেৱৰাজ।পুত্ৰ ৰ সুখৰ বাবে বাপেকে নিজৰ জীৱনটোকো বলিদান দিবলৈ সাজু আছিল। এনেদৰে লাহে লাহে দেৱৰাজ হৈ পৰিল ঘৰ ৰ অধিপতি ।ঘৰ ৰ সকলোৰে ওপৰত দাদাগিৰী চলাবলৈ ধৰিলে দেৱৰাজে। ঘৰৰ পৰা ক্ৰমান্বয়ে বাহিৰলৈ বিয়পাবলৈ ধৰিলে তাৰ অতপালি ।সকলোৰে অপ্ৰিয়তাৰ টোপোলা বুটলিব সক্ষম হল দেৱৰাজ। পুত্ৰৰ কৰ্মত চিন্তিত হৈ পৰিল নিলকান্তৰ পত্নী প্ৰহেলিকা। চিন্তা দেৱীয়ে এগৰাকী সু ভক্ত পাই সুখী হৈ অতিসুনকালে তেওঁৰ ৰাজ্যসভালৈ চিৰ দিনৰ প্ৰজা কৰি লৈ গ'ল প্ৰহেলিকা। অকলশৰীয়া হৈ পৰিল নিলকান্ত ।সময় বোৰ এনেদৰে বাগৰি গ'ল।ছোৱালী জীৱনৰ তিতা কেঁহা উপভোগ কৰি অশ্ৰুমিতা আৰু ভনীয়ে প্রিয়লতা ও আন এখন ঘৰ ৰ বোৱাৰী হ'ল।
উচ্চ হিন্দু সমাজৰ ৰীতি নীতিও আছিল সুকীয়া। পুৰণিকলীয়া কিছুমান নিয়মে শিপাই পৰিছিল সমাজ বোৰত । জনজাতীয় লোকৰ সমাজত বহি খোৱা বোৱাত বাধা আছিল উচ্চ হিন্দু সমাজত । তাতে বিয়া বাৰু কথাটো আহিয়েই নপৰে। জনজাতি সমাজৰ লোকৰ সমাজেও উচ্চ হিন্দু সমাজৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰা নাছিল।
অশ্ৰুস্মিতা এজনী জনজাতি সমাজৰ ছোৱালী । বোৱাৰী হল উচ্চ হিন্দু সমাজৰ লৰাৰ অভিনৱ শৰ্মাৰ সৈতে। দুয়ো নিজৰ মতামতত বিবাহ হৈছিল। এজনী জনজাতীয় ছোৱালী বিয়া কৰোৱা বাবেই অভিনৱক ঘৰৰ পৰা বহিস্কাৰ কৰি দিছিল। কিন্তু হাজাৰ হওক নিজৰ সন্তান । সমাজৰ সৈতে বৰ্তি থকাৰ স্বাৰ্থত নিজৰ সন্তানক ঘৰৰ পৰা বহিস্কাৰ কৰি দিলে সঁচা কিন্তু হৃদয়ৰ পৰা বহিস্কাৰ কৰিবলৈ নোৱাৰিলে। সেইবাবে অভিনবৰ দেউতাকে এটা কাম কৰিলে , নৈৰ সিটোপাৰে থকা মাটিখিনিতেই সিহঁতক এটি ঘৰ সাজি তাতেই থাকিবলৈ পৰামৰ্শ দিলে। আনহাতে জনজাতীয় ছোৱালী হৈ উচ্চ হিন্দু সমাজত বিয়া হোৱাৰ বাবে নিলকান্তইও ঘোষণা কৰিলে অশ্ৰুস্মিতক নিজৰ সন্তান নহয় বুলি।
নিসংগতাই ছাতি ধৰিছিল অশ্ৰুক। মনৰ মানুহজনক পোৱাৰ সুখ যিমানেই হৈছিল তাটোতকৈ দুখ বেছি হৈছিল আপোনবোৰক হেৰুৱাৰ বাবে। তাই নিজকে বহুত অপৰাধী যেন অনুভৱ কৰিছিল। অৱশেষত দুখৰ মাজতেই সুখৰ সন্ধানত নামি পৰিছিল অশ্ৰুস্মিতা আৰু অভিনৱ।
সঁচাকৈয়ে এদিন সুখৰ এটি ৰহণ স্বৰূপে তেওঁলোকৰ মাজলৈ আহিল প্ৰীতম।এটি বৰ মৰম লগা দেৱশিশু।।
অভিনৱে চহৰৰ এখন বেচৰকাৰী কলেজতাৰ শিক্ষকতা কৰিছিল। দৰমহাৰ পৰিমাণ তেনেই ক্ষীণ আছিল যদিও পৰিয়ালৰ তিনিওজন সদস্যই শুব সুন্দৰ ভাবে চলিব পাৰিছিল।
এনেদৰে দিনবোৰ পাৰহৈ গৈ আছিল কিন্তু হঠাৎ এদিন অশ্ৰুস্মিতাৰ জীৱনলৈ নামি আহিল এক ক্লান্তক লানি নিছিগা ধুমুহা। সেই ধুমুহাজাকেই উৰুৱাই নিলে তাইৰ সপোনৰ ৰংবোৰ আৰু মচি নিলে তাইৰ ক্ষীৰৰ সেন্দুৰ । অকালত বগা সাঁজৰ লগৰী হল অশ্ৰুস্মিতা । কোলাত সেই ছয় মহীয়া সন্তানটি লৈ তাই হৈ পৰিল সমাজৰ এজনী কুলক্ষণী তিৰোতা। ইচ্ছাৰ ইচ্ছাত সেই গাঁৱত এজন দুজনকৈ কেইবাজনো মানুহ ইহলীলা সম্বৰণ কৰিলে। এনে এক ভীষণ পৰিস্থিতিত ৰাইজে বেজৰ কাষ চাপিল।বেজে বেজালি কৰি সমাধান দিলে যে গাওঁত এজনক ডাইনী আছে । যিদিনাই এই গাওঁৰ পৰা ডাইনী আতৰিব সেইদিনাই এই গাঁৱলৈ শান্তি আহিব।
অন্ধ বিশ্বাস আৰু কু সংস্কাৰত আবদ্ধ সেই সমাজখনৰ ডাইনী হিচাপে পৰিচিত হল অশ্ৰুস্মিতা ।
কণমানি কেঁচুৱাটোৰ সৈতে মাতৃসহ নানান অত্যাচাৰৰ বলি হল অশ্ৰুস্মিতা । ঘৰ বাৰীও জ্বলাই দিলে অশ্ৰুৰ । কিন্তু কোনেও বেজাৰৰ দৃষ্টিয়ে নাচালে তাইক ।
শৰৎ কালৰ সন্দিয়া।ভোকে পিয়াহে ভাগৰুৱা হৈ পৰিছিল তাই। অৱশেষত এজোপা কদমৰ তলতেই নিশাটোৰ লগৰী হল অশ্ৰু।
নিশাজনীয়েও ঘন কলা চুলিটাৰী মেলিবলৈ লৈছিল।
টোপনিয়ে চকুযুৰি জাপি ধৰিছিল। এনেতে এখন গাড়ীৰ মাতত তাই উচপখাই উঠিল। গাড়ীৰ পৰা নামি আহিল এগৰাকী 45-৫০ বছৰীয়া মহিলা। তেওঁ অশ্ৰুৰ অৱস্থা বুজি পালে আৰু গাড়ীত বঢ়াই লৈ গল নিজৰ ঘৰলৈ বুলি।
তেখেতো আছিল এগৰাকী নিসংগতাৰ সাৰথি। অশ্ৰুৰ আগমনে তেওঁ জীৱনটো সুখী অনুভৱ কৰিছিল।
তেখেতৰ নাম ড' মণিকা কাকতি । তেখেত এখন মহাবিদ্যালয় ৰ অধ্যাপিকা ।তেখেতেও অকালত বগা সাজ মেৰিয়াইছিল। গাঁও এৰি চহৰতে ঘৰ দুৱাৰ বনাই জীৱন গঢ়িলে। অশ্ৰুস্মিতাক পাই অতীতৰ দুখবোৰ পাহৰি পুনৰ এটা নতুন জীৱনৰ পাতনি মেলিলে।
দিনবোৰ এনেদৰেই পাৰ হৈ গ'ল। প্ৰীতমো ডাঙৰ হৈ আহিল।
তেখেতে প্ৰীতমক এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰি দিলে । প্ৰীতম পঢ়াৰ প্ৰতি বৰ আগ্ৰহী আছিল । সু খ্যাতিৰ পৰীক্ষা সমূহত উত্তীৰ্ণ হৈছিল ।
জেঠ মাহ, গৰমৰ দিন । বতাহজাকো গৰম আছিল । বতৰটো সন্তেকৰ বাবে ভাল হয় আৰু কোনোবা পৰত ৰুদ্ৰ মূৰ্তি ধাৰণ কৰে । সন্তেকতে গোটেই আকাশখন কলা ডাৱৰে আৱৰি ধৰে । হুৰ হুৰ কৈ আহে দুপালপিতা বৰষুণজাক ।খন্তেকৰ পাছতে বতাহে মেঘ বোৰ উৰুৱাই লৈ যায় কৰবলৈ।
আকাশখন মুকলি হয় । তাপ প্ৰবাহিত কৰে বেলিটিয়ে নিজৰ ইচ্ছা অনুসৰি । গছৰ ছাঁত আশ্ৰয় বিচাৰি লয় তেতিয়া জীৱ জন্তু বোৰে।
কান্ধত বেগটো আৰু হাতত ছাতিটো মেলি কলেজৰ পৰা ওলাই আহিল ঘৰলৈ বুলি ড' মাণিকা বাইদেউ । বতৰটোৰ বাবে গাড়ীখন আনিবও নিদিলে তেখেতে । অলপ প্ৰকৃতিৰ লগত খেলিবলৈ মন আছিল তেখেতৰ ।
বোলে বিপদীয়া যেনি যায় , হুলেও বিন্ধে বৰলেও খায়। গন্তব্য স্থানত উপস্থিত নহওতেই আধা বাটতে পিছৰ পৰা এখন গাড়ীৰ খুন্দাৰত মণিকা বাইদেউ চিটিকি গল । আকস্মিক দুৰ্ঘটনাত ড'মণিকা বাইদেউ অচেতন হৈ পৰিল ।
প্ৰীতমে খবৰ পোৱাৰ লগে লগেই সেই স্থানত উপস্থিতি হল আৰু ততালিকৈ অসাময়িক চিকিৎসালয়ত ভৰ্তি কৰালে তেখেতক ।
বিষাদৰ জ্বালাত দেই পুৰি গল প্ৰীতমৰ হৃদয় । চহৰৰ আশে পাশে জনাজাত হল খবৰটো। খবৰ পাই অশ্ৰুস্মিতাৰ কান্দোনত হিয়া ফাটি গল । ডাক্তৰৰ চিকিৎসাত মণিকা বাইদেউ সুস্থ হৈ নুঠিল। পাগলৰ দৰে হল অশ্ৰুস্মিতা।জীয়াই থকাৰ হেঁপাহ চূৰ্ণ বিচুৰ্ণ হৈ গল তাইৰ। মূল্য হীন জীৱনটোৰ প্ৰতি আসক্তি কমি গল। জীৱনটোৱেই সন্তেকীয়া, ইয়াৰ কোনো ভৰসা নাই। কচুপাতৰ পানীৰ দৰে কোন দিনা যায় কোন দিনা থাকে স্থিৰতা নাই। নিজেই নিজকে শুনাই সান্তনা দিলে অশ্ৰুৱে।কান্দি কান্দি তাইৰ মাত বহি গল। দুদিনৰ পিছত মণিকা বাইদেউও ইহলীলা সম্বৰণ কৰিলে । যোৱাৰ আগতে তেওঁৰ সমস্ত সম্পত্তি অধিকাৰী বুলি লিখি দিলে প্ৰীতমৰ নামটো।
শত শত ছাত্ৰ ছাত্ৰী আৰু জনতাৰ মাজত শ'টো দাহ কৰিলে বাৰীৰৰ এটা কোণত।
বনত লগা বাহিৰৰ জুই কুৰা সকলোৱে দেখিবলৈ পায়। সেই অগ্নিয়ে বননি দহি পুৰি ছাঁই কৰা আটাইৰে চকুত পৰে কিন্তু অশ্ৰুস্মিতাৰ অন্তৰত দহি থকা শোকৰ জুইকোৰ বাহিৰত কোনেও দেখা নাপালে।
একালে দুখ আৰু একালে সুখ যদি হয় তাৰেই প্ৰমাণৰ বাট চাই ধয্য ধৰিলে অশ্ৰুস্মিতা ।
লাহে লাহে প্ৰীতমো ডাঙৰ হল। আইতাক মণিকাৰ সপোন আছিল সি এজন ভাল ইঞ্জিনীয়াৰ হোৱাটো। সেই উদ্দেশ্যে আগত ৰাখি পুনৰ অধ্যয়নত লাগিল প্ৰীতম।
একান্ত মনে অধ্যয়ন কৰিবলৈ ধৰিছিল প্ৰীতমে আৰু অৱশেষত সি তাৰ উদেশ্যত ফলবর্তিও হল।
এজন ইঞ্জিনীয়াৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হল প্ৰীতম।
অশ্ৰুস্মিতা বহু সুখী হল । কৰ্মসূত্ৰে প্ৰীতম বিদেশলৈ যাব লগা হল। দুখ লাগিছিল যদিও অশ্ৰুস্মিতাই আশীৰ্বাদ দি পুতেকক বিদায় দিছিল চাকৰি সূত্ৰে বিদেশলৈ । মাকৰ আশীৰ্বাদ ক্ষীৰত তুলি প্ৰীতমই যাত্ৰা কৰিছিল বিদেশলৈ বুলি।
আজি এটা বছৰেই হল। নিসংগতাক আঁকোৱালি লৈ নীৰৱতাৰ লগৰী হৈ অশ্ৰুস্মিতাই দিনবোৰ অতিবাহিত কৰিলে।
ব্যথিত হৃদয় খনে আজি বৰকৈ আমনি কৰিছে অশ্ৰুক। জীৱনৰ তিতা কেঁহাবোৰে তাইৰ হৃদয়খন কেতিয়াবা ভাঙি পেলাব খোজে । মনৰ আকাশত তমসা নামে ।তমসি ৰাতিৰ টমীৰাচন্নৰ বাবেই অপেক্ষাকৃত ভাৱে ৰৈ থকা অশ্ৰুৰ হিয়াখন হৈ পৰে সংগ্ৰামী জীৱনৰ হাঁবু দাবো খোৱা নাওখনৰ দৰেই।
বাইদেউ, অ' বাইদেউ......!!
বাইদেউ বুলি মাত দিয়া কাৰোবাৰ মাতত তাইৰ ভাবৰ আঁতদাল কেনিবা হেৰাই গল।
সন্মুখলৈ চাই দেখিলে মামণি ৰৈ আছে।
অ' মামণি কি হল তই মোক মাতিছিলি ?
হয় বাইদেউ। দাদাই আপোনাক কেইবাবাৰো ফোন কৰিছিল হেনু । আপোনাক নাপালে । গতিকে মোকেই আকৌ ফোন কৰিছিল ।
ঔ বাবাই ফোন কৰিছিল নেকি ?? হয় অ মই যে গমেই নাপালোঁ। কি কলে সি তোক ??
কালিলৈ দাদা ঘৰলৈ আহিব বুলি । ৰাস পূৰ্ণিমাৰ উপলক্ষে চুটি লৈ আহিব তাতে আপোনালৈ বোলে বৰকৈ মন পৰিছে সেইবাবেই। আৰু একো কোৱা নাই ।
ঠিকেই আছে দে । এতিয়া ব'ল ভাত ৰান্ধোঁগৈ ।কালিলৈ শুনকালে শুই উঠিব লাগিব ।কাইলৈ মাৰ ওপজা দিন আছে গতিকে তেখেতৰ আত্মা চিৰ শান্তি বিচাৰি শৰাই এখন দিম ভাবিছোঁ ।।
📝 ৰশ্মি ৰেখা মেধি ।
মৰিগাঁও
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ