অস্তিত্বহীন প্ৰেমৰ যাত্ৰা

Rinku Rajowar
0
নাজানো মই ভাল পোৱাৰ প্ৰকৃত অৰ্থ কি।

নুবুজো মই প্ৰেম মানে কি।

জানো মাথো দুখন হৃদয়ৰ সচা মিলনকেই ভাল-পোৱা বোলে।
য'ত নেকি দুখন হৃদয়ৰ ভালপোৱাৰ একো অস্তিত্ব নাথাকে 
তেনে ভালপোৱাক ধ্বিকাৰ মোৰ।

যাক সচা হৃদয়ৰ পৰা ভাল পাইছিলো,মোক অস্তিত্বহীন  কৰি আতৰি গ'ল 

নোৱাৰো দিব মই নাযাও  মই দিবলৈ 
সচা  ভাল পোৱাৰ প্ৰমাণ উলংগ দেহৰ নাচোৰ বান্দা।

কাৰোবাক কিমান ভাল পাও সচা  প্ৰমাণ দিবলৈ
বাচি ল'ব লাগিব নেকি আত্মহত্যাৰ নিচিনা ঘৃণণীয় পথ?

তেনেহ'লে নোৱাৰো মই তেনে  ভাল পোৱাৰ প্ৰমাণ দিবলৈ,

কাৰোবাক ভাল পালো বুলিয়েই নোৱাৰো মই 

কোনোবা এখন হোটেলৰ টকাৰে কিনা বেড্‌ৰুমত 

উলংগ দেহাৰে ভাল পোৱাৰ পৰিচয় দিবলৈ।

ধ্বিকাৰ চাল্লা এই নাৰীৰ জীৱন।

নাৰী হেনো দেৱীৰ আন এটা ৰূপ।

হাঁহি উঠে.....।

য'ত নাৰীৰ কোনো মূল্য নাই,  অস্তিত্ব নাই তাত কয়,

কয় আকৌ  নাৰী হেনো দেৱীৰ আন এটা ৰূপ।


নালাগে  এনেকোৱা নাৰী ৰূপী দেৱীৰ ৰূপ মোক।

মুক্ত মই,মুক্ত মোৰ জীৱন।মুক্ত মনে কৰিছো মই বিচৰণ।


না কাৰোবাক পোৱাৰ আশা ,না কাৰোবাক হেৰুৱাৰ বেঠা।

নাই  কোনো প্ৰেমৰ সংজ্ঞ্যা না কাৰোবাক লৈ উচ্চ আকাংক্ষা 
মোৰ লক্ষ্য মাথো অস্তিত্বহীন প্ৰেমৰ যাত্ৰা।

📝দ্বীপ দীপাঙ্কৰ লাহন
    বিশ্বনাথ-গহপুৰ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)