প্ৰত্যাশা

©Admin
0
'
গালে-মুখে 
সাতোৰঙী আবিৰ
নিজৰ ঘৰ বিছাৰি
পূৰ্ণিমাৰ জোনজনী
হোলীৰ দিনাই 
পৰী হৈ নামি আহিছে
আকাশৰ পৰা ।
হয়তো ঘনঘোৰ এন্ধাৰবোৰ
অদৃশ্য হ'ব
চিগা তাঁৰ জোৰা লাগিব 
ভ্ৰান্তিবোৰ ভাপ হ'ব
এলান্ধু আতঁৰিব 
আৰু কলিয়া সময়ে
উভতি যাব ।

📝 সৌৰভ কুমাৰ বৰুৱা
          উঃ লখিমপুৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)