নগ্ন পৃথিৱীত উলঙ্গ মানুহ

©Admin
0

সৌৰজগতৰ সৃষ্টিৰ পাছতে , পৃথিৱীত অৰুণৰ পৃথিৱীৰ ওপৰত ক্ৰিয়াৰ ফলত শেলুৱৈ কে ধৰি ঢেঁকীয়াক মুখ্য কৰি

ভাৱিব নোৱাৰা উদ্ভিদ জন্ম হৈছিল ৷

প্ৰকৃতিয়ে পৃথিৱীখনক এনে ৰূপত সজালে যে কল্পনা কৰিব নোৱাৰি " সৌন্দৰ্যৰ ওপৰত " বতাহ বোৱাৰ পথ , বৰষুণ অহাৰ পথ ও সময় , ঋতু সলনিৰ অলৌকিক পৰিবৰ্তন পাহাৰ, পৰ্বত , নদ - নদী আদি ৷

কিমান বিধ উদ্ভিদৰ জন্ম হ'ল তাৰ গণনা কৰিব নোৱাৰি ৷


মোৰ ধাৰণা মতে " বিভিন্ন জাত তলসৰা পাত আদিৰ একত্ৰিত ৰ'দ , বৰষুণৰ প্ৰভাৱত নানান ধৰণৰ জীৱ- জন্তুৰ জন্ম হৈছিল বুলি মই ভাবো "৷ ইয়াৰে শ্ৰেষ্ঠ জীৱ হ'ল মানুহ 

পূৰ্বে মানুহৰ সংখ্যা কম আছিল ও প্ৰকৃতিৰ বেছি ভাগে হাবি অৰণ্য আছিল কিন্ত পৃথিৱীৰ এক তৃতীয়াংশ পানী ৷

পৃথিৱীৰ জীৱ- জন্তুৰ মাজত এক আধ্যাত্মিক সম্বন্ধ আছিল পৃথিৱীৰ বিষাক্ত জাতীয় গেছ সাপ আদিয়ে টানি লৈছিল, কৃষিৰ মাজত সাপ থাকিলে খেতি ভাল হয় বুলি

ককাহঁতে কৈছিল কৃষিত পোক নালাগিছিল ও নানান ৰোগ নহৈছিল ৷


প্ৰকৃতিয়ে সজোৱা পৃথিৱীৰ ৰূপ এতিয়া আছেনে ?

এটা কথা হয় বহু উন্নত হ'ল  মানৱ সকলো দিশত ৷

পৃথিৱীৰ ৰূপ কিন্ত জীৱ জীয়াই থাকিবলৈ , আমাক যি লাগে সেইয়া প্ৰায় লোপ পাইছে সেইয়া হ'ল গছ গছনি, পাহাৰবিলাক উলংগ হ'ল ৷

মানুহে বিভিন্ন কামৰ বাবে গছ গছনি কাটি প্ৰায় শেষ কৰাৰ পথত ৷

গাঁৱে ভুঁৱে যিবিলাক গছ গছনি আছিল সেইয়াও প্ৰায় শেষৰ ফালে গৈ আছে ৷ ইয়াৰ সংৰক্ষণৰ বাবে বিভাগীয় লোকে কেনেধৰণে পৰিচালনা কৰিছে তেখেতসকলেহে 

জানে ৷ বৃক্ষ কমি যোৱাত জীৱ জগতৰ জীৱন যাত্ৰাত বহু

শাৰীৰিক মানসিক অসুবিধা আহিছে ৷ প্ৰকৃতিয়ে চলন্তত বহ দিশত তাৰতম্য  ঘটা দেখা গৈছে ৷


বৈজ্ঞানিকৰ আৱিষ্কাৰে মানৱক কল্পনাৰ বহু ওপৰলৈ লৈ গৈছে কিন্ত জীৱ ৰক্ষাৰ বাবে একমাত্ৰ উপাদান বৃক্ষ দিনক দিনে লোপ পাইছে ৷ যাৰ ফলত বায়ুমণ্ডলৰ স্তৰত কাৰ্বনডাই  অক্সাইডৰ পৰিমাণ বাঢ়ি গৈছে ৷ যাৰ ফলত

জীৱজগতত নানান অসুবিধা, ৰোগ , শাৰীৰিক গঠন৷ আয়ুস আদিয়ে বহু বাধাত পৰিছে ৷ ভৱিষ্যতে উক্ত গেছৰপৰা পৃথিৱীয়ে কি ৰূপ লব ভাৱিবপৰা নাই মনলৈ বহু ভয় আহে ৷

বৃক্ষৰ বিভাগীয় বিভাগকে মুখ্য কৰি আমি বৃক্ষ ৰোপনৰ ওপৰত যদি চেষ্টা নকৰো , এদিন কিন্ত ?

এটা কথা হয় আমি বৃক্ষৰোপণৰ কাৰ্যকৰী কৰি আছো বা আহিছো কিন্ত আমাৰ কৰ্তব্য কি ?

যেতিয়ালৈকে গছৰ কুলিটিয়ে নিজে জীয়াই থাকিবলৈ ক্ষমতা নাপায় , বৃক্ষৰোপণ কৰিলেই কাৰ্য শেষ নহয় ৷

প্ৰকৃতিৰ লক্ষ্যনৰ ওপৰত গৱেষকসকলে গৱেষণাত বহু

কাৰ্য কৰি সফল হৈছে কিন্ত পৃথিৱীত বায়ুমণ্ডলত আমি

শ্ৰেষ্ঠ জীৱ হোৱাৰ পাছতো উলংগ হোৱাৰ নিচিনা হৈছো ৷

য'ত পৃথিৱীত জীৱৰ ভৱিষ্যত কি হব ?


বৈজ্ঞানিক সকলে নিশ্চয় বায়ুমণ্ডলত কাৰ্বনডাইঅক্সাইডক

কমোৱাৰ চিন্তা কৰি আছে ৷ আশা কৰোঁ ইয়াৰ প্ৰতিকাৰ ৩৷ এই সৌন্দৰ্যপূৰ্ণ ধৰাক যি অৱসান ঘটাৰ প্ৰয়াস

চলি আছে , গছে আমালৈ জীয়াই থাকিবলৈ প্ৰদান কৰা অক্সিজেন একেবাৰে কমি গৈছে ৷

ভৱিষ্যত কি হব আপুনি জানেনে ? 

উদ্ভিদে হৈছে জীৱৰ মৃত সঞ্জীৱনী " ৷


📝ঘনকান্ত কায়স্থ

কুৰুৱাবাহী মধুপুৰ গোলাঘাট





Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)