নিৰৱ ভাষাৰ নিৰৱ যাতনা

©Admin
0
নিৰৱ ভাষাৰ ,নিৰৱ যাতনা 
পোৱা নোপোৱা অশেষ বেদনা
শাওনৰ বানে সেউজীয়া পথাৰৰ বক্ষ
মৃতপ্ৰায় কৰাৰ দৰে
জীৱন মৰিচীকাৰ পম খেদি
ক্লান্ত হোৱা সাধাৰণ জনতা
উৰুখা পজাঁত থাকি আকাশৰ
তৰাৰ দৰে জিলিকিব
বিচৰা, জনতাৰ লিহিৰি আঙুলিত
দৰিদ্ৰতা আঁৰ্টিল বান্ধোন,
টোকাত নজ্বলে জুই,
পেটত নপৰে এমুঠি অন্ন
ভোকাতুৰ জনতাৰ হৃদয়ৰ
স কৰুণ বিননিয়ে সূচায়
জনতাৰ অৱহেলিত
অৱস্থিতিক, সকৰোনেৰে 
অপেক্ষাকৃত জনতা নতুন আশাৰে
নতুনত্বক কাষত বিচাৰি পোৱাৰ
নিৰৱ ভাষাৰ নিৰৱ যাতনা..

📝ৰশ্মি তামুলি(যোৰহাট)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)