নিৰ্লজ্জ সন্তান

©Admin
0
আছেনেকি কোনোবা হিমালয় কৰি হিয়া 
 যি নিজ মাতৃক ভালপাওঁ বুলি 
এবাৰো কোৱা নাই ?
নিজ মাতৃৰ বাহিৰেও আছে জানো কোনোবা 
ত্যাগৰ উদাহৰণ দিব পৰা ?
মাতৃৰ হৃদয় বিশালতাৰে ভৰা 
য'ত আছে কোনো পাষাণ মাতৃ 
      নাযাবা কেতিয়াও ওচৰ চাপি ।

যি মাতৃয়ে জন্ম দিয়ে 
   হৃদয় কাঠচিতিয়া 
প্ৰতি খোজতে ধিক্কাৰ জন্মে বুজানে নুবুজা ।
যি মাতৃয়ে জন্ম দিয়ে 
        হৃদয়  কোমলতা
দোষীকো ক্ষমা কৰি বোৱাব পাৰে 
আনন্দৰ নিজৰা

কেঁচা কলিজাৰ এটুকুৰা  জীয়া সপোন 
মাতৃৰ হৃদয়ৰ ।
নিৰ্মল হৃদয়ৰ মৰম নিগৰাই কঢ়িয়াই আশাৰ বতৰা 
অবশেষত ভয়াবহতাৰ উপলব্ধি 
বৃদ্ধাশ্ৰমত জীৱনৰ পাঠ।



📝ৰুমী কলিতা দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)