এজাক জোনাকী নামে

©Admin
0
তুমি আহিলেই
মোৰ চোতাললে
মৃদু মলয়া বলে,
তুমি হাঁহিলে
মোৰ কাননত
গোলাপ, তগৰ ফুলে ।

তুমি কথা ক'লে
দুচকু জপাইও
মই অনুভৱ কৰিব পাৰো
তোমাৰ হৃদয়ৰ গভীৰতা
মনৰ পৰশেৰে!!

মোৰ সপোনৰ ৰামধেনু
তোমাৰ দুচকুৰ পতাত জিলিকে--
তাৰেই কিছু ৰঙেৰে
তুলিকাৰে বুলাব খোজো দুয়োৰে বাট
মনৰ হেপাহেৰে ।।

তুমি কাষত থাকিলে 
এন্ধাৰৰ সিপাৰৰ পৰা 
মোৰ পদূলিলৈ
তিৰবিৰাই তিৰবিৰাই
এজাক জোনাকী নামে----
উজ্বলাই মোৰ হিয়াৰ কোঠৰী
কোনেও নজনাকে ।।


📝ডঃ কুঞ্জলতা গগৈ, ডিব্ৰুগড় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)