দেউতাৰ তেজেৰে লুতুৰি পুতুৰি
সৌ মাটিখিনি তহঁতে চন পৰিব নিদিবি।
ওখোৰা মোখোৰা মাটি চহ কৰি দেউতাই
সিচিছিল হেপাঁহৰ হেঙুলীয়া বীজ ।
দেউতাৰ হেঁপাহৰ বীজবোৰে গজালি মেলি
দুচকুত আঁকি দিয়ে সোণালী সপোন
সাক্ষী হৈ ৰয় সেউজীয়া বোৰ।
বোপাইহঁত অ' দেউতাৰ বুকুৰ সপোনবোৰ যতনেৰে সাঁচি থবি নহলে আত্মাই শান্তি নাপাব।
কপালৰ ঘাম মাটিত পেলাই সাজিছিল অ'
এই ঘৰখন
সফল কৃষক হোৱাৰ সপোনেৰে কিনিছিল
এই টেক্টৰখন - - -
নিজ হাতেৰে পৰশ দিছিল ঘৰখনত ।
আওপুৰণি হলেও ভাঙি নেপেলাবি অ'
জীৱনৰ স্মৃতিবোৰ ইয়াতে যে আছে লুকাই
সময়ে মাতিব যিদিনা ৰিঙিয়াই
সপোনবোৰত ৰহন সানিবলৈ নাপাহৰিবি ।
পদুলি মুখতে ৰুই থবি দুটা বকুলৰ পুলি
আথে বেথে বহি দুয়োজনে চাই ৰম তহঁতলৈ।
তহঁতৰ সুখবোৰ দেখিলে হাঁহিম,দুখবোৰত কান্দিম।
কামবোৰ নিয়াৰিকৈ কৰিবি নহলে সময়ে দিব বিধি পথালি ,এলাহে ধৰিলে ছানি
ৰোগেও লব বাহৰ পাতি - - -।- ।
সময়ৰ শৰ সময়ত মাৰিবি
সুখবোৰ লবি কাজলি পাতি ।
আৰু যে গোহালিৰ গৰুকেইজনী
সিহঁতৰ গাখীৰ খাইয়েই চোন তহঁত ডাঙৰ হলি ।
📝ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ