আধৰুৱা প্ৰেম কাহিনী (খণ্ড- ০৩)

©Admin
0
" আধৰুৱা প্ৰেম কাহিনী " দ্বিতীয়  খণ্ডত পঢ়িবলৈ পাইছিলে - দিবাকৰে মাকক সত্যম অহাৰ বতৰা ইংগিতেৰে দিলে ৷ ৰাতিপুৱা নিতুৰ ঘৰলৈ যায় কিন্ত গম পাই নিতু বজাৰলৈ গ’ল বুলি ৷এইফালে ৰাস্তাত নিতুক গুণ্ডাই ভেটি ধৰে এতিয়া আগলৈ পঢ়ক - 

গুণ্ডাকেইটাই ধমকি শব্দ হোৱাৰ পিনে ঘূৰি চাই
অ এয়া হিৰো আহিলে হিৰোইনক বচাবলৈ হা হা হা হা হা আহ বেটা তোকো এশিকনি দিয়ে দিওঁ এইবুলি লাঠী লৈ চোচামাৰি যায় সত্যম সাজো হৈ এজনে মাৰোতে বহি দি তলফালেদি ঘূৰি ভৰিত প্ৰহাৰ কৰে সেইজন বাগৰি পৰিল আকৌ উঠি কম্ফোৰ মুদ্ৰা ধৰিলে সত্যমেও তাৰ প্ৰতি উত্তৰ দিবলৈ কম্ফোৰ মুদ্ৰা ধৰিলে গুণ্ডাজনে এটা ঘোচা সত্যমক প্ৰহাৰ কৰাৰ মাত্ৰকে সত্যমে এঢলীয়া হৈ  ঘূৰাই প্ৰহাৰ কৰে এটা ঘোচা কেনেবাকৈ সত্যমৰ মুখত লাগিল তেজেৰে ৰঙা হ'ল মুখখন সত্যমৰ খং উঠিল সি একেৰাহে উৰাকিক কেইবাটাও মাৰি সেইজনক মাটি চেলেকাই দিলে সি আৰু উঠিব নোৱাৰা হ'ল তাকে দেখি বাকী কেইটাই তোক আজি খতম কৰি দিম বুলি কৈ চোচামাৰি আহি একে লগে লাঠীৰে প্ৰহাৰ কৰিলে সত্যম খঙত চকু ৰঙা কৰি তিনিটাকে  কুকুৰৰ দৰে পিটন দিলে গোটেইকেইটা মাৰৰ কোবত মাটিত বাগৰি কেকাই কেকাই ক'লে নাই নাই আৰু হব আজিৰ পৰা বাইদেউলৈ মুখ উঠাই নাচাও সত্যমে ক্ষমা বিচাৰিব কোৱাত সিহঁতে বাইদেউ ক্ষমা কৰিদিয়ক অজানিতে ভুল কৰিলোঁ জীৱনত প্ৰথম বাৰ ইমান মাৰ খাইছো দেহা পিটিকা হৈ পৰিল নিতৱে খুব হাঁহিলে তাইৰ হাঁহি চাই সত্যম কিছুপৰ তাইৰ মুখখনলৈ স্থািৰে চাই ৰ'ল ৷ নিতুও হাঁহিব এৰি সত্যমলৈ একেঠিৰে চাই ৰ'ল দিবাকৰে ওচৰত আহি দুয়োটালৈকে চাই অ হেল্প হব হব মাজবাটত ৰোমাণ্টিক দৃশ্য দেখােৱাবলৈ নালাগে যাওঁ দিবাকৰৰ কোৱাত দুয়োটাই সম্ভদ পাই আৰু তিনিও হাঁহি হাঁহি ঘৰ পালেগৈ ৷

নিতুৱে দুয়োকে বহিব দি ভিতৰলৈ সোমাই যায় দুয়ো মিচিকমাচাককৈ হাঁহি আছে এনেতে নিতুৰ মাকে আহি দুয়োটাকে এনেকৈ দুয়োটাই হাঁহি থকাৰ কাৰণটো সুধিলে " কি হ'ল তঁহতৰ ইমান
 হাঁহি আছ ? " দুয়োটাই হাঁহি বন্ধ কৰি নিতুৰ মাকলৈ চাই কৈ একো নাই কিবা এটা  কথালৈ হাঁহি উঠিছিল ৷ সেইময়তে নিতু চাহ লৈ আহিল দুয়োটালৈ চকুৰ ইংগিতেৰে  ক'লে নকবা মাক সিহঁতেও চকুৰ ইংগিতেৰে উত্তৰ দিলে নাই নাই নাই কোৱা ৷ এই কৈ চাহৰ কাপ দুয়ো হাতত লৈ আকৌ মিচিকিয়া হাঁহি মাৰি চাহৰ সোৱাাদ ল'লে ৷

দুয়ো ঘৰলৈ উভতি আহি মিঃ ৰাজুক সকলো ঘটনা বিবৰি ক'লে আৰু জানে পাপা সত্যম দাই গুণ্ডা কেইটাক এনেকুৱা পিটন দিলে নহয় একেবাৰে পিটিকা কৰি পেলালে দিবাকৰে খুব ৰস লগাই কথাখিনি বাপেকক ক'লে ৷ 
মিঃ ৰাজুৱে সত্যমলৈ চাই " তুমি সেই জহনিযোৱা কেইটাক এশিকনি দি ভালেই কৰিলা কিন্ত চাবা সিহঁত ধনী ঘৰৰ লেগাম নাইকীয়া ল'ৰা সিহঁতে এই প্ৰতিশোধ লবলৈ সুযোগ বিচাৰি থাকিব অলপ সাবধানেৰে থাকিবা আৰু কতবা যাবলৈ থাকিলে দিবাকৰক লগত লৈ যাবা অ এটা কথা কৰম পৰৱলৈ বেছি দিন নাই আকৌ গতিকে চুটিঙৰ বাবে কেমেৰা মেন আৰু বাকীবোৰ ব্যৱস্থা কৰিব লাগিব " ৷ সত্যমে এটা দীঘলীয়া উশাহ টানি " হয় মই ফোন এটা কৰিয়েই দিওঁ " এইবুলি কৈ মবাইল উলিয়াই নম্বৰ ডায়ল কৰিলে হেল্পো মই সত্যম তঁহতে সকলো বস্তু লৈ তুৰন্তে মই পঠিয়াই দিয়া এড্ৰেছত আহি যোৱা " ৷
এনেতে দিবাকৰৰ মাকে আহি ক'লে " আহা ভাত বাঢ়ি দিলো " তিনিও ভাত খাবলৈ ভিতৰলৈ সোমাই ডাইনিং টেবুলত বহিল দিবাকৰে ভাতত হাত দিওঁতে মিঃ ৰাজুৱে ক'লে " দেবু হাত চাবুনেৰেে ভালকৈ ধুই আহাগৈ " দিবাকৰে ক'লে পাপা মই জানো যে হাত নোধোৱাকৈ ভাত খোৱা , নাক , মুখ , চকু আদিত হাত দিলে কৰুণা ভইৰাছ হবলৈ সম্ভাৱনা থাকে সেইবাবে মই আৰু দাদাই  তিনিবাৰকৈ ডেটলত হাত আগতীয়াকৈ ধুই আহিছো " মিঃ ৰাজুৱে হাঁহি এটা মাৰি মৰমত পিঠিত কিল এটা দি ক'লে " অ হয় নেকি ছাৰ গতিকে মই সেই চিন্তা কৰি মাক্স আৰু হেণ্ডগ্লজ কেইটা মান বজাৰৰপৰা আনিয়ঃ থৈছো এতিয়া কতোবা গ'লে লগাই যাবা আৰু মানুহৰপৰা একমিটাৰ দুৰৈত থাকিহে কথা পাতিব লাগে " ৷ সত্যমে ক'লে হয় আৰু যদি জ্বৰ , কাঁহ , চৰ্দী , বহু দিনধৰি ভাল নহোৱা নাইবা কৰুণা ভাইৰাছত আক্ৰান্ত বুলি সন্দেহ একমিটাৰ দুৰত্ব বজাই ৰাখি কথাপতাৰ লগতে টলফ্ৰী  নম্বৰ ১০৪ ত ফ'ন কৰিব লাগে নাইবা ওচৰৰ স্বাস্থ্যকেন্দ্ৰলৈ যাব লাগে " দিবাকৰৰ মাকে " অ আমাৰ ঘৰত তিনিটাকৈ ডাক্তৰ আছে যদি কৰুণা ভাইৰাছলৈ কিহৰ ভয় "৷ সকলোৱে খিলখিলাই হাঁহিলে ৷

( পৰৱৰ্তী খণ্ডত পঢ়িবলৈ পাব - ধুমধামেৰে কৰম পৰৱৰ আয়োজন )

 📝 দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)