জোনাকৰ বৰষুণ

©Admin
0
সময়ৰ পদুলিত আছো ৰৈ 
     এখন বিশাল হৃদয়ৰ আশা লৈ
দুখৰ যাতনা দুৰ কৰিবলৈ ।

সমাজতান্ত্ৰিক ব্যবস্থা মষিমূৰ কৰি 
পৰা হলে সপোন গঢ়িব ৷
এখনি মৰমৰ বোৱতী নৈ 
        হৃদয়ে হৃদয়ে বৈ নিৰবধি 

জিলিকিব দুয়োটি পাৰ ।
কঁহুৱা কোমল উশাহ নিশাহত 
          উৰিব শুকান পাত 
উৰুৱাই লৈ যাব পৱনে 

কোলাহল ধুমুহাজাক 
হে আকাশ 
দুখৰ আকাশ খেদি আনি দিয়া 
শান্তিৰ শীতল বতাহ এজাক ।

হে নীলাভ সাগৰ 
ধুই নিয়া হৃদয়ৰ  যত আছে বেদনা ।
আত্মজাহ যাবলৈ নিদিবা ।
 উটি ভাঁহি যাব খুজো জীৱন নদীৰ ঢৌত 

সোনাৰুফুলীয়া মৰমবোৰ লৈ ৷
শুকুলা মেঘে ঢাকিলেও আকাশ
শান্তিৰ সুবাস সিচিবা ৷
নিয়ৰৰ ৰূপালী টোপাল হৈ
গালে মুখে জিলিকিবা  ।


খুলি থম হৃদয়ৰ জপনা
প্ৰেম আৰু বিশ্বাসৰ বাবে  হৃদয় কঁপি উঠিব
উমাল পৰশেৰে আলফুলে নিৰবধি বৈ  যাব।
সেউজী উপত্যকাৰ বিষন্ন বদনৰ  সমাপ্তি 
অনাবিল অনুভূতি সৌন্দৰ্য্যৰ ৰন্ধে ৰন্ধে৷

চিৰন্তন সত্য আহ্বান হৃদয়ৰ 
তিৰবিৰ জোনাকৰ প্ৰেমাসক্ত আনন্দ স্পৃহা।
জোনাকৰ বৰষুণজাকত সোণসেৰীয়া সময়
এবুকু প্ৰেমৰ বাসনা 
হাঁহি মুখে সামৰিম ।

📝 ৰুমী কলিতা দত্ত



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)