কাইলৈৰ ভৱিষ্যত

Rinku Rajowar
0

আজি মই দেখিবলৈ পাইছোঁ
বিশ্বৰ সকলোতকৈ বুধিয়ক প্ৰাণীৰ হেৰোৱা মহিমা
এটা সম্পূৰ্ণ জাতিৰ মহাপ্ৰলয়ৰ দিনটো,
প্ৰকৃতাৰ্থত, সকলো মৰণশীল বৰ্গৰ পূৰ্ণাংগ বিনাশ
"নীলিম গ্ৰহৰ" ওপৰি পৃষ্ঠাৰ পৰাই।
আজি মই দেখিবলৈ পাইছোঁ
মৃত্যুৰ ভ‌য়ঙ্কৰ হাত-বাউলি।
আজি মই পৰিলক্ষিত কৰিছোঁ
কাইলৈৰ প্ৰাতঃকালৰ অন্ধকাৰময় মলিন বায়ুমণ্ডল
মাটি,পানী আৰু বায়ু সকলো প্ৰদূষিত
নিৰ্বুদ্ধি প্ৰজাতিটোৰ দ্বাৰাই।
আজি মই সম্পূৰ্ণভাৱে এটা চামৰ এন্ধাৰ ভৱিষ্যত দেখিবলৈ পাইছোঁ
যি যুদ্ধ আৰু মহামাৰী,জন-বিস্ফোৰণ আৰু প্ৰদূষণৰ
বিশৃংখলতাত একেবাৰেই বান্ধ খাই আছে,
নিউক্লিয়াৰ শক্তি আৰু ৰাজনৈতিক প্ৰতিদ্বন্দিতা,
উন্নয়ন ইত্যাদিৰ নামত।
"মই এই সকলোবোৰ দেখিছোঁ" কিন্তু "তুমি জানো দেখিছা?"

ইয়াৰ কেৱলমাত্ৰ এটাই সমিধান আছে
"পিছুৱাই প্ৰকৃতিৰ বুকুলৈ যোৱা"

📝 জ্যোতিপ্ৰসাদ দাস (শুৱালকুছি)


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)