আকৌ ফুলিছে কপৌ, তগৰ, নাহৰবোৰ•••

Rinku Rajowar
0
সোনপাহি……………!

আকৌ ফুলিছে  কপৌ, তগৰ, নাহৰবোৰ…
পাওঁ কি নেপাওঁ কপৌফুলীয়া সুৱাস এটাই
মতলীয়া কৰিছে গহীন দুপৰীয়াবোৰ,
বৰ-তগৰৰ ফুৰ-ফুৰিয়া সুগন্ধি এটা
ঢপলিয়াই ফুৰিছে চুবুৰীটোত
আবেলি আবেলি ।

আৰু………
চ'তৰ জোনাক নমা গধুলি 
নাহৰৰ আমোল-মোলিয়া গোন্ধ এটা
বগাই আহে মোৰ বুকুয়েদি…।

কিমানটা যে চ'ত পাৰ হৈ গ'ল
মোৰ চিনকী পদূলিয়ে দি,
কিমানবাৰ ফুলিল……কিমানবাৰ যে সৰিল……
তোৰ পদূলিৰ যুৰীয়া নাহৰৰ কলি।

দিম বুলি নিদিলি,গুটিফুলৰ গামোচা
মনতে মাৰ গ'ল মনৰ আশা।
আহিম বুলি নাহিল,নিম বুলি নিনিলি
খোপত গুজিবলে বুলি
পিছবাৰীৰ লিহিৰি কপৌ পাহ।

তোৰ মৌখিক প্ৰতিশ্ৰুতিবোৰ
বুকুত এতিয়া মোৰ পাৰিজাত হৈ ফুলে,
 চ'তৰ উজাগৰি ৰাতি 
এৰাপলীয়া  সপোনবোৰে 
ঠিকনা বিচাৰি ভাগৰি পৰে।

তথাপি…আহিছে চ'ত…
 কপৌ,তগৰ, নাহৰবোৰ…
আকৌ ফুলিছে সোনপাহি………!

📝 প্ৰবিন দত্ত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)