কবিতা মোৰ অনুভৱৰে - ০৪

©Admin
0
যোৱা সংখ্যাৰ পিছৰ পৰা--
অধ্যয়ন অবিহনে কোনো কথাতে সাৰ্থকতা লাভ কৰিব নোৱাৰি | কবিতাৰ পথাৰখন খুউব বিশাল আৰু বিস্তৃত | ইয়াৰ প্ৰেমৰ মাদকতা 
বুজাব নোৱাৰা | যিয়ে এবাৰ কবিতাৰ প্ৰেমত পৰিছে সি কবিতাক এৰি থাকিব নোৱাৰে |
 গতিকে আমি ভাল কবিতা এটা সৃষ্টি কৰিবৰ বাবে যত্ন কৰিব লাগিব |
 চেষ্টাৰ অসাধ্য একো নাই | এবাৰত নোৱাৰিলে আমি এশবাৰ চেষ্টা কৰিব লাগিব | ঘহি থাকিলে শিল ক্ষয় যোৱাৰ দৰে কবিৰ সাধনা, অধ্যয়ন, নিৰলস প্ৰচেষ্টাই এদিন কবিক  জয়মাল্য পিন্ধাবই | তাৰবাবে প্ৰয়োজন হ'ব অপেক্ষা আৰু যত্নৰ | শব্দৰ কছৰত | নতুন নতুন শব্দৰ সন্ধান | শব্দৰ সন্ধানত কবি ঘুৰি ফুৰিব লাগিব | কাৰণ শব্দই হৈছে কবিতাৰ মূল চাবিকাঠি | কবিতাৰ মায়াজাল সৃষ্টি কৰিবলৈ হলে কবিক লাগিব শব্দ | আমি যে শব্দবোৰ ভালপাও একমাত্ৰ মিঠা মিঠা শব্দ বোৰৰ বাবে নহয়নে ? সেই যে পঢ়িছিলো ভাইটী পাবা পুৰষ্কাৰ/যদি হোৱা পৰিষ্কাৰ/উল্কা চাবা দুভাগ ৰাতি/অঙ্ক কৰিবা ফলিত পাতি | আমাৰ সকলোৰে কবিতাৰ জয়যাত্ৰা অব্যাহত থাকক | পৰিশেষত কওঁ-- দূখীয়াৰ ভঙা পজা একোখনি তীৰ্থ তাত একোখনি পূন্যৰ আশ্ৰম মৰিলে পুনৰ আহি দুখীয়া দেশতে মই লওঁ যেন পুনৰ জনম |  পুনৰ বাজক দবা বাজক শঙ্খ বাজক মৃদং খোল অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল  |
       ( সমাপ্ত )
              
 📝 হেমেন হাজৰিকা  মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)