কবিতা মোৰ অনুভৱেৰে-০২

©Admin
0

যোৱা সংখ্যাৰ পিছৰ পৰা

সুন্দৰ ছন্দৰ বেষ্টনী ভাঙি কবিতা ওলাই আহিল  | কবিৰ সংখ্যাও বাঢ়িল  ৷কবিতাৰ নামকৰণ হ'ল কবিতা, অকবিতা আদিৰে  ৷ কিছু কবিয়ে কলে আজিৰ কবিতা দুৰ্বোধ্য হ'ল  ৷ সাধাৰন পাঠকে পঢ়ি বুজি নোপোৱা হ'ল ৷ কবিয়ে কবিতাটোৰ জৰিয়তে কি বুজাবলৈ গৈছে পাঠকে বুজি নাপায়  | যদি পাঠকে পঢ়ি বুজি নাপাই তেন্তে কবিতা আমি কাৰ বাবে লিখিম ৷ অভিধান চাই দাত ভঙা শব্দ কিছুমান লগ লগাই কবিতা ৰচনা কৰে সেই কবিতা আলমিৰাত আবদ্ধ হৈ নাথাকি পাঠকৰ হৃদয় আলোড়িত কৰিবলৈ যাবনে ?
পাঠকে কবিতা এটা পঢ়িবলৈ লৈ যদি অভিধান মেলিব লগা হয় তেতিয়া সেই কবতাই পাঠকৰ মনত কেনেদৰে সাচ বহুৱাব ৷
এইখিনিতে আকৌ মনত পৰে সেইবোৰ কবিতা যি এতিয়াও আমাৰ মুখেমুখে-- বহাগ মাহৰ গছৰ দালত ফুলে কপৌ ফুল জেঠমহীয়া ৰদৰ তাপত শৰীৰ বিয়াকুল  ৷
আকৌ নাৰ বাট পাভ মাছ আৰু এটা কাছ বাৰ টকাত কিনি আনি কিয় বাৰু নাছ ৷
বিদগ্ধ সকলে কৈ গৈছে  কবিতা হ'ব লাগে অন্তৰৰ পৰা নিৰবচিন্নভাবে স্বতঃস্ফুৰ্তভাবে ওলাই অহা শব্দৰ ফল্গুধাৰা  | কিন্তু যেতিয়া আমি কবিতা নিৰ্মাণ কৰিবলৈ যাম তেতিয়া কবিতা দুৰ্বোধ্য হোৱাটোৱেই স্বভাবিক | আমি এনে কবিও লগ পাইছো তেখেতে নিজে ৰচনা কৰা কবিতাটোৰ ভাবাৰ্থ নিজেই বুজাই দিব নোৱাৰে | কবিয়ে যদি নিজেই বুজাব নোৱাৰে তেন্তে সেই কবিতা পাঠকে কি দৰে বুজিব তেওঁৰ কবিতা  ৷ সেইবোৰ কবিতা নিজেই অন্ধকাৰৰ কৰাল গ্ৰসাত নিম্মজিত নহবনে বাৰু  ?
                 আগলৈ••••

📝 হেমেন হাজৰিকা 



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)