পাগলী মইনা চৰাই জনী

©Admin
0
স্ব-ইচ্ছৰে তাই জগত জিনিছিল 
ক'ৰ'বাত কিবা ভুল দেখিলে 
তাই মাত মাতিবলৈ অলপো সংকোচ নকৰিছিল 
নিৰ্ভয় মনেৰে তাই যুঁজ দিছিল ।

কিন্তু মইনা চৰাই এজনী 
নিজৰ মাতটোৰ বাবেই কাৰাগাৰবদ্ধ 
আজি কি হ'ল ?
তাইৰ দেহৰ প্ৰতিটো দেৱাংগ
তাইৰ অনুমতিৰ অবিহনেই 
মুখাপিন্ধা দেৱতাৰূপী দানৱৰ হাতত জাহ গ'ল ।

আজি তাইৰ কি হ'ল ?
তাইৰ মন প্ৰতাৰণাই ভাঙি চূৰ-মাৰ কৰি গ'ল ।
নাই নালাগে তাইক
মৌখনা কথাৰে দয়া দেখাই 
তাইক অকটা প্ৰতাৰণা কৰিবলৈ ।
নাই নালাগে তাইক 
মিছা সাহস দি নৰকলৈ ঠেলা দিবলৈ 
আজি তাই এক অজান ঠাইত 
মুকলি আকাশৰ তলত 
এজনী দেৱশিশুৰ দৰেই মন লৈ 
শূণ্য আৱেগভৰ্তি এজনী পাগলী হৈ গ'ল ।

   📝দিগন্ত দাস 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)