শিৰীষ

Rinku Rajowar
0
শিৰীষৰ পাতবোৰ বতাহত
হালি জালি নাচি থাকে
সেউজীয়াত বুৰ গৈ থাকে
গোটেই আকাশ, চৌদিশ
আৰু...
বুধুৱা-মাংৰাৰ আপোন বাগিচা খন।

এজাক বৰষুণ নামি আহে 
শিৰীষৰ ৰন্ধে ৰন্ধে বিয়পি পৰে
বৰষুণে ধোৱা শিৰীষৰ
গছ পাতবোৰ একাকাৰ হয়
সাৱটি ওলমি থাকে। 

সপোন সম্ভাৱনাৰ কাৰেং
কোবাল বতাহে চুই যায়
বাগিচাৰ অতল গহ্বৰ। 

মাদল বাঁহীৰ সুৰ ধব্বনি 
শিৰীষ আৰু এটি কলি দুটি পাতৰ 
মাজেৰেই চৌদিশে বিয়পে
সময় বাগৰাৰ লগে লগে 
শিৰীষ জোপাৰ আয়ুস 
বাঢ়ি গৈ থাকে।

📝 নবীন কুৰ্মি (সাপেখাতী, চৰাইদেউ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)